
শুকুৰবাৰে পুৱা ৬ মান বজাত বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত খাকৰাজানৰ আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত নিষিদ্ধ হেৰইনসহ (Drugs) দুই সৰৱৰাহকাৰীক আটক কৰা হয় ৷

মণিপুৰৰ পৰা আহি থকা AS01BO4004 নম্বৰৰ এখন আই২০ গাড়ীৰ পৰা জব্দ কৰা হয় এই হিৰইনখিনি ৷ত্ৰিশ টা চাবোনৰ বাকচত ভৰাই আনিছিল ৩৫০ গ্ৰাম হিৰইন ৷
আটকাধীন দুই সৰৱৰাহকাৰী হল মণিপুৰৰ মহম্মদ ইয়াহিয়া খান আৰু তানবীৰ হুচেইন ৷ জানিব পৰা মতে ডিব্ৰুগড় অভিমুখে গৈ আছিল বাহনখন ৷













