
চলিত মাহৰ ৬ জুলাইত মালয়েছিয়াৰ পেলেচ হোটেল কোটা কিনাবালু চাবাহত অনুষ্ঠিত হোৱা মিছ টুৰিজিম এম্বেছেডৰ ইউনিভাৰ্ছ ইণ্টাৰনেশ্যনেল ছিজন ৬ খিতাপ লাভ কৰা মিছ কুমকুম কাৰ্কি (ছেত্ৰী)ক ডিফুত সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ ইয়াৰ উপৰিও মিছ কুম কুম কাৰ্কিয়ে স্পাৰ্ক মিছ ইণ্ডিয়া ২০২৩, মিছ নৰ্থ ইষ্ট নেক্সট টপ মডেল ২০২৩ (ছিজন ২) আদি কেইবাটাও মডেল খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল ।

ৰেম্প ৱাকতো তাই প্ৰমান পত্ৰ পাইছিল । কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ এমএচি কৃষ্ণ ভট্টৰায়ে দেওবাৰে ডিফুৰ লৰুলাংছ’ত থকা কুম কুম কাৰ্কিৰ বাসভৱনত উপস্থিত হৈ মিছ টুৰিজিম এম্বেছাদৰ ইউনিভাৰ্ছ ইণ্টাৰনেশ্যনেল খিতাপ লাভ কৰাৰ বাবে তেওঁক শলাগ লোৱাৰ লগত ফুলৰ থোপা আৰু গামোছাৰে সম্বৰ্ধনা জনায় । তদুপৰি ডিফুৰ লৰুলাংছ’ৰ নেপালী গুণমুগ্ধ সকলে কুমকুমক তেওঁৰ বাসৱনত সম্বৰ্ধনা জনায় ৷
আনহাতে আজি পুৱাৰ ভাগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও কুম কুম কাৰ্কিক সম্বৰ্ধনা জনোৱাৰ লগতে কাৰবি আংলঙ জিলালৈ গৌৰৱ কঢ়িয়াই অনাৰ আন্তৰিক শুভেশ্চা জ্ঞাপন কৰে l












