
বৃহস্পতিবাৰে পুৱাৰ ভাগত ভাৰতীয় সংবিধানৰ ১২৫ তম সংশোধনী (125th Amendment Bill of the Constitution) বিধেয়ক সন্দৰ্ভত APHLC সভাপতি জে আই কাথাৰে এক সংবাদমেল (Press Conference by J.I. Kathar)ৰ আয়োজন কৰে৷ ১২৫ তম সংশোধনী বিধেয়ক চলিত বাজেট সংসদৰ অধিবেশনতে ৰাজ্যসভাত উৎথাপন কৰা হ’ব।
সংবিধানৰ ১২৫ তম সংশোধনী অনুসৰি ভাৰতীয় সংবিধানৰ ২৭৫ অনুচ্ছেদ বাতিল কৰি ২৮০ অনুচ্ছেদত অন্তৰ্ভুক্ত কৰা হ’ব৷ সংবিধানৰ ২৭৫ নং অনুচ্ছেদত স্বায়ত্ত্বশাসিত পৰিষদৰ কথা, স্বায়ত্ত্বশাসিত ৰাজ্যৰ কথা আছে৷ ২৮০ নং অনুচ্ছেদত গাওঁ পঞ্চায়ত, নগৰ সমিতি বা পৌৰ সভাৰ ক্ষমতা পুঁজি আদিৰ কথা আছে ৷

চৰকাৰে স্হানীয় স্বায়ত্ত্বশাসনৰ সকলো কথা এতিয়া সংশোধন কৰি ২৮০ নং অনুচ্ছেদত অন্তৰ্ভুক্ত কৰিব বিছাৰিছে৷ এই সংশোধনী ৰাজ্যসভা আৰু লোকসভাত গৃহীত হ’লে আইনত পৰিণত হ’ব আৰু তেতিয়া সেই অনুসৰি পৰিষদলৈ পুঁজি আহিব৷ কিন্তু স্বায়ত্ত্বশাসিত পৰিষদৰ এলেকাত পঞ্চায়ত ব্যৱস্থাৰ বিৰোধীতা কৰি আহিছে বিভিন্ন দল-সংগঠনে৷ আজি কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত চুক্তি কৰা ৬ টা বিদ্ৰোহী সংগঠনৰ নেতাসকলে দিছপুৰত বিষয়টো লৈ মুখ্যমন্ত্ৰীৰ লগত এক আলোচনা কৰিব৷
অৱশ্যে তেওঁলোকে নিজৰ এম অ এছত থকা ক্ষমতাসমূহ এই সংশোধনীত অন্তৰ্ভুক্ত কৰাৰ লৈহে কথা পাতিব৷ ইয়াৰ মাজতে আজি APHLCৰ নেতা জনচ্ ইংতি কাথাৰে এক সংবাদ মেল সম্বোধন কৰি চৰকাৰে পৰিষদৰ ক্ষমতা সংকোচিত কৰাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ কৰি ইয়াৰ বিৰোধিতা কৰে৷












