ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bangladesh Violence : বাংলাদেশৰ ক্ষমতা সেনাৰ হাতলৈ

নিউজ ডেস্কঃ

News Desk by News Desk
August 5, 2024
Reading Time: 1 min read
A A
0
Bangladesh Violence : বাংলাদেশৰ ক্ষমতা সেনাৰ হাতলৈ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

প্ৰায় দুটা দশকৰ পাছত পুনৰ বাংলাদেশত সেনাৰ হাতত শাসন (Rule of Bangladesh is in the hands of the army)। ২০০৭ চনৰ ১১ জানুৱাৰীত অশান্ত পৰিস্থিতিত তদানীন্তন সেনাপ্ৰধান জেনেৰেল মইন-ইউ আহমেদৰ প্ৰত্যক্ষ হস্তক্ষেপত তত্ত্বাৱধায়ক চৰকাৰ গঠন কৰা হৈছিল। ইয়াৰ নেতৃত্ব দিছিল বাংলাদেশ বেংকৰ অৰ্থনীতিবিদ তথা প্ৰাক্তন গৱৰ্ণৰ ফখৰুদ্দিন আহমেদে। এইবাৰ জনসাধাৰণৰ ক্ষোভৰ বাবে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ (Prime Minister Sheikh Hasina resigns) আৰু দেশৰ পৰা আঁতৰি যোৱাৰ পিছত সেনাপ্ৰধান জেনেৰেল ৱাকাৰ-উজ জামান (Army Chief General Walker-uz Zaman)ৰ পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত চৰ্চা আৰম্ভ হৈছে।

সোমবাৰে বিয়লি দেশবাসীক দিয়া বক্তব্যত জেনেৰেল জামানে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা হাছিনাই পদত্যাগ কৰাৰ বিষয়ে অৱগত কৰি কয়, “আমি ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাৎ কৰি অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম।” ইয়াৰ লগতে সেনাধ্যক্ষই বাংলাদেশৰ আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰী আৰু ৰাজনৈতিক কৰ্মীসকলক প্ৰতিবাদৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই আশ্বাস দিয়ে, “মই প্ৰতিশ্ৰুতি দিছোঁ, প্ৰতিটো হত্যাকাণ্ডৰ বিচাৰ হ’ব।”

Dhaka 1 | ASSAM TIMES POST
বাংলাদেশৰ ক্ষমতা সেনাৰ হাতলৈ

উল্লেখ্য, হাছিনাৰ পদত্যাগৰ দাবীত দেশজুৰি প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ মাজতে দেওবাৰে গভীৰ নিশা ঢাকাৰ নিজৰ বাসগৃহত সেনাবাহিনীৰ জ্যেষ্ঠ বিষয়াৰ সৈতে বৈঠকত মিলিত হয় জেনেৰেলগৰাকীয়ে। ইয়াৰ পিছতে এনে পৰিস্থিতিত সেনাই পোনপটীয়াকৈ হস্তক্ষেপ কৰিবলৈ ওলাইছে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হয়। সূত্ৰ অনুসৰি, হাছিনাই পদত্যাগ কৰি তত্ত্বাৱধায়ক চৰকাৰৰ দায়িত্ব জাতীয় সাংসদৰ (সংসদ) অধ্যক্ষ শ্বিৰিন চৰ্মিন চৌধুৰীৰ হাতত অৰ্পণ কৰে। কিন্তু সেনাই আৱামী লীগৰ নেতা শ্বিৰিনক মানি ল’বনে নাই তাত সন্দেহৰ সৃষ্টি হৈছে। কাকতলীয়াকৈ ক’বলৈ গ’লে ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনো আৱামী লীগৰ প্ৰাক্তন নেতা আৰু হাছিনাৰ ঘনিষ্ঠ হিচাপে পৰিচিত।

উল্লেখ্য যে ভাৰতৰ পূব চুবুৰীয়া দেশখনে ১৯৭১ চনত জন্মলাভৰে পৰা তিনিটাকৈ বৃহৎ পৰিসৰৰ সামৰিক অভ্যুত্থানৰ সাক্ষী হৈ আহিছে। দুজন ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমান আৰু জিয়াউৰ ৰহমানক সেনাই হত্যা কৰা প্ৰত্যক্ষ কৰিছে। ইয়াৰ উপৰি সেই দেশখনত বিগত প্ৰায় পাঁচ দশকত কেইবাটাও ব্যৰ্থ অভ্যুত্থান ঘটিছে। বাংলাদেশৰ সেনাই চৰকাৰ গঠনৰ ক্ষেত্ৰত অন্তিমবাৰৰ বাবে হস্তক্ষেপ কৰিছিল ২০০৭ চনত। কিন্তু ৰাষ্ট্ৰসংঘৰ বাধা-নিষেধৰ বাবে তদানীন্তন সেনাপ্ৰধান জেনেৰেল মইনে পোনপটীয়াকৈ ক্ষমতা হাতত লোৱা নাছিল।

আনহাতে, বিএনপি নেতা খালেদা জিয়াৰ প্ৰধানমন্ত্ৰী পদৰ কাৰ্যকাল অন্ত পৰাৰ পিছত ক্ষমতা অন্তৱৰ্তীকালীন চৰকাৰৰ হাতত অৰ্পণ কৰা হয় যদিও চৰকাৰৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি আৱামী লীগকে ধৰি বিৰোধীয়ে চৰকাৰৰ বিৰুদ্ধে আন্দোলনত সক্ৰিয় হৈ পৰে। নোবেল বঁটা বিজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছক প্ৰথমে তত্ত্বাৱধায়ক চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰস্তাৱ কৰা হৈছিল। কিন্তু প্ৰত্যাখ্যান হোৱাৰ লগে লগে ফখৰুদ্দিনে তেতিয়াৰ ৰাষ্ট্ৰপতি ইয়াজুদ্দিন আহমেদৰ উদ্যোগত তত্বাৱধায়ক চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিল।

Tags: RuleofBangladeshবাংলাদেশৰক্ষমতা
Share4Tweet3Send

Related Posts

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

by News Desk
June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

by News Desk
June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

by News Desk
June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা
National-International

Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

by News Desk
June 23, 2026
50
Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
June 23, 2026
50
Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx