ASSAM TIME POST
ডিফু : বিশিষ্ট লেখক ,সাংবাদিক,সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা মিতভাষৰ স্ৰষ্টা ডঃ নগেন শইকীয়াক বকলিয়াঘাট চিংথুৰ প্ৰকাশনে প্ৰদান কৰা ‘ৰংবং তেৰাঙ সমন্বয় বঁটা’ অানুষ্ঠানিক ভাবে প্ৰদান কৰা হয় ৷
বকলিয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত আজি এই উদ্দেশ্য অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত বঁটা গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত বিশিষ্ট সাহিত্যিক গৰাকীয়ে সাহিত্য সভাৰ দায়িত্বত থকা অৱস্থাত সাহিত্যিক ৰংবং তেৰাঙ আৰু ছেমছিং হাঞ্চেৰ সৈতে থকা স্মৃতি ৰোমন্থন কৰে ৷

অসমীয়া জাতিসত্বা গঠন প্ৰক্ৰিয়া সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি সাহিত্যিক গৰাকীয়ে অনাগত দিনত সকলো জাতি জনগোষ্ঠীয়ে সমন্বয়ৰ মাজেৰে অসমীয়া জাতি সত্বাক ঐক্যবদ্ধ কৰি ৰখাৰ বাবে মত পোষণ কৰে ৷ পদ্মশ্ৰী ৰংবং তেৰাঙে ডঃ নগেন শইকীয়ীক এই বঁটা প্ৰদান বাবে আনন্দ প্ৰকাশ কৰাৰ লগতে নিজ ঘৰতে সাহিত্যিক গৰাকীক আদৰিবলৈ পাই বৰ্ণণাতীত সুখ লাভ কৰা বুলি মন্তব্য কৰে ৷
আজিৰ এই সভাত ৰংবং তেৰাঙৰ বাস্তৱ ভিত্তিক উপন্যাস ‘ উৰুখা পঁজাৰ কাব্য’, ভবেন কোঁচৰ ‘শিলভেটাৰ চকুলোঁ’ উপৰি আন দুখন গ্ৰন্থ উন্মোচন কৰা হয় ৷













