![]()
কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে আঞ্চলিক ৰাজনৈতিক দল এএছডিচিৰ সভাপতি চন্দ্রকান্ত তেৰাঙৰ সাক্ষাৎকাৰক লৈ ৰাজনৈতিক মহল আৰু সামাজিক মাধ্যমত হোৱা চর্চাক লৈ আজি এখন সংবাদমেল সম্বোধন কৰে চন্দ্রকান্ত তেৰাঙে।

এই সাক্ষাৎকাৰ কাৰ্বি আংলং জিলাৰ বিভিন্ন সমস্যাৰাজি সমাধানৰ স্বার্থত হোৱা বুলি দাবী কৰি তেৰাঙে লোকসভা নির্বাচনব পূর্বে অসমৰ মুখ্যমন্ত্রীক সাক্ষাৎ কৰাব প্রসংগ উল্লেখ কবি কয় যে লোকসভা নির্বাচনব পূর্বে মুখ্যমন্ত্রীক সাক্ষাৎ কৰি জিলাখনৰ স্বায়ত্ত শাসিত ৰাজ্য দাবী, পিজিআৰ ভিজিআৰ ভূমিত উচ্ছেদ আৰু অসম-মেঘালয় সীমা সমস্যা সমাধানৰ দাবী উত্থাপন কৰিছিলো। মুখ্যমন্ত্রীয়ে সীমান্তত শিক্ষানুষ্ঠান, সীমান্ত পথ নির্মাণৰ লগতে বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ কথা উল্লেখ কৰিছিল।
ইয়াৰ লগতে পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদৰ ক্ষেত্ৰত কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদক নীতিগতভাবে সমর্থন কৰাৰ কথাও প্রকাশ কৰিছিল বুলি দাবী কৰে। ইয়াৰ লগতে স্বায়ত্তশাসিত ৰাজ্যৰ বিষয়টোলৈ কেন্দ্র চৰকাৰৰ সৈতে আলোচনাৰ প্রচেষ্টা লোৱাৰ কথাও মুখ্যমন্ত্রীয়ে প্রকাশ কৰিছিল বুলি তেৰাঙে দাবী কৰে । যিহেতু এতিয়া নির্বাচন সম্পূর্ণ হ’ল আৰু মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি আমি ১২ আগষ্টত আনুষ্ঠানিক পত্র প্রদান কৰিছো। ১৩ আগষ্টত মই পৰিষদৰ মুখ্য কার্যবাহীক সাক্ষাৎ কৰি এই বিষয়সমূহ আলোচনা কৰিছিলো যদিও সামাজিক মাধ্যম আৰু ৰাজনৈতিক মহলে আমি আন বিষয় আলোচনা কৰা বুলি জনতাৰ মাজত বিভ্রান্তিৰ সৃষ্টি কৰাৰ চেষ্টা চলোৱা বুলি তেৰাঙে সমালোচনা কৰে।
পৰিষদৰ পৰা ধন লৈ সমস্যাসমূহৰ ক্ষেত্রত মৌন হোৱা বুলিও সমালোচনা কৰাৰ কথা উল্লেখ কৰি অসম চৰকাৰ আৰু পৰিষদে পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদ চলোৱাৰ বাবে প্রক্রিয়া আৰম্ভ কৰিছে সেয়ে এই বিষয়ত আন্দোলন কৰাৰ থল ক’ত বুলিও তেৰাঙে প্রশ্ন কৰে। উচ্ছেদৰ বিষয়টো যদি এবছপ -দুবছৰলৈ পেলাই থয় তেনেহ’লে এক বেলেগ পৰিস্থিতি উদ্ভব হ’ব বুলিও তেৰাঙে দাবী কৰে। স্বায়ত্তশাসিত আন্দোলৰ সত্তাক কোনেও হত্যা কৰিব অথবা শেষ কৰিব নোৱাৰে বুলি উল্লেখ কৰি ৭০ৰ দশকৰ পৰা এএছডিচি দলে এই আন্দোলন চলাই আহিছে আৰু দাবী পূৰণ নোহোৱা পর্যন্ত আন্দোলন চলাই যাব বুলিও তেৰাঙে মন্তব্য কৰে ।












