
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু : কাৰবি আংলং জিলাৰ সংবাদ জগতত প্ৰভাৱ বিস্তাৰ কৰা প্ৰথমখন দৈনিক কাৰবি কাকতৰ হাঁহি মুখীয় মুখ্য সম্পাদক টি পি হাঞ্চেই সকলোকে শোক সাগৰত পেলাই এই পৃথিৱীৰ পৰা চিৰ বিদায় মাগিলে ৷ সোমবাৰ্ পুৱতি নিশা ২ বাজি ১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে টি পি হাঞ্চেই ৷ তেওঁৰ অকাল বিয়োগত কাৰবি আংলং জিলাৰ লগতে সংবাদ জগততো গভীৰ শোকৰ ছাঁ পৰিছে ৷

জানিব পৰা মতে প্ৰয়াত টিপি হাঞ্চে দীৰ্ঘ দিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ আছিল ৷ নিৰন্তৰ চিকিৎসা গ্ৰহণ কৰিও মৃত্যুৰ সৈতে হাৰ মানিলে যদিও আৰ্লেং ডেইলি কাককতৰ জৰিয়তে জিলাখনৰ ৰাইজক কৰি যোৱা নিঃস্বাৰ্থ সেৱা অবিস্মৰণীয় হৈ ৰব ৷উল্লেখ যোগ্যযে, তেওঁৰ সোণালী স্পৰ্শত প্ৰথম কাৰ্বি দৈনিক কাকত ‘আৰ্লেঙ ডেইলি’ প্ৰথম প্ৰকাশ পায় ৯ জুন ২০০৪ তাৰিখে , তেওঁৰ জন্ম হয় মণিপুৰৰ জিৰি বামত ৷
তেওঁ বাজং হান্সে আৰু মেৰী টেৰনপিৰ জ্যেষ্ঠ পুত্ৰ। তেওঁৰ দুজন ভাতৃ ক্ৰমে মুকুৰ হান্সে আৰু এলিজা আৰু দুগৰাকী ভগ্নী কাচে আৰু ৰেবেকা। হান্সে ১৯৯৬ চনত নিউ লামকা,মণিপুৰৰ এবেনেজাৰ একাডেমীৰ পৰা মেট্ৰিক সম্পূৰ্ণ কৰি ১৯৯৮ চনত মণিপুৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত চুৰাচান্দপুৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ২০০৩ চনৰ ২৮ ফেব্ৰুৱাৰীত মণিপুৰৰ এগৰাকী পাইটে ভদ্ৰমহিলা জেনিময় টনছিং টেৰনপিৰ সৈতে তেওঁৰ বিবাহ হয়।তেওঁৰ দুজন পুত্ৰ হাৰ্চিং টিমোথি হান্সে আৰু অতুৰ চাং হান্সে আৰু কন্যা ফেইথ চেৰজিৰ হান্সেপিৰ সৈতে এটি সুখৰ সংসাৰ আছিল ৷
কাৰ্বি আংলঙত দৈনিক কাকত প্ৰকাশৰ পথ প্ৰদৰ্শক। আজি ২৬ আগষ্টৰ পুৱা প্ৰায় ২:১৫ বজাত ডিফু মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ বৃক্ক, পাথৰকে ধৰি একাধিক ৰোগত আক্ৰান্ত হৈ আছিল। তেওঁৰ দুয়োটা বৃক্ক বিকল হৈ পৰিছিল । তেওঁৰ অকাল মৃত্যুত কাৰবি আংলঙ জিলা প্ৰেছ ক্লাৱৰ সভাপতি সম্পাদক ক্ৰমে দিগন্ত টেৰণ, দেৱজ্যোতি বৰা আৰু ডিফু প্ৰেছ ক্লাৱৰ সম্পাদক বৰছিং ৰংফাৰে টি পি হাঞ্চেৰ অকাল বিয়োগ সংবাদ জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয় ৷ সাহসী আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলে সমবেদনা জ্ঞাপন কৰাৰ লগতে পিৰয়াত টি পি হাঞ্চেৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে ৷













