
অসমৰ পাহাৰীয়া জিলা কেইখনৰ নেতিবাচক খবৰৰ প্ৰতিহে ৰাজ্যৰ সংবাদ মাধ্যম আগ্ৰহী বুলি স’ততে পাহাৰৰ বৌদ্ধিক মহলত আলোচনা হয়৷ কিন্তু পাহাৰীয়া জিলা কেইখনত বহু ইতিবাচক কাম হৈ থাকে যদিও সেই কামসমূহে উপযুক্ত প্ৰচাৰ নাপায়৷ আজি কাৰবি আংলং জিলাত অসমীয়া সাহিত্যৰ (Assamese literature) দুগৰাকী মহীৰূহৰ সৃষ্টিৰাজিক লৈ (creation) দুখন আলোচনা চক্ৰ (Two seminars) সম্পন্ন হয়৷
অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদত আজি বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ৰাংছিনা ভৱনৰ জনজাতি কল্যাণ গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা যশস্বী সাহিত্যিক হিতেশ ডেকা (Literary Hitesh Deka)ৰ সৃষ্টিৰাজিক লৈ এক বক্তৃতা-অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ একেদৰে অসমীয়া সাহিত্যৰ একান্ত সাধক, সাহিত্য অকাডেমী বঁটা প্ৰাপক খ্যাতিমান সাহিত্যিক য়েছে দৰজে ঠংছি (Yesa Dorse Thogsi)ৰ মৌলিক সাহিত্যৰ ওপৰত আজিৰ পৰা দুদিনীয়াকৈ বকলীয়াঘাটৰ ৰূকাছেন কলেজত আৰম্ভ হৈছে এক বৌদ্ধিক আলোচনা চক্ৰ৷

বিশ্ববিদ্যালয়ত যশস্বী সাহিত্যিক হিতেশ ডেকাৰ পুত্ৰ অধ্যাপক ড° উমেশ ডেকাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে৷ তেখেতে কয় যে আজি এই বক্তৃতা-অনুষ্ঠানৰ বক্তা আৰু আয়োজক সকলৰ সৰহ সংখ্যকেই মোৰ প্ৰাক্তন গৱেষক ছাত্ৰ-ছাত্ৰী৷ আজি মই মোৰ এসময়ৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকলৰ বক্তৃতা শুনিবলৈ অতি আগ্ৰহেৰে আহিছোঁ, লগতে এই অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদত অসমীয়া বিভাগ আৰম্ভ কৰাত আৰু উপযুক্ত অধ্যাপক নিযুক্তি দিয়াত তেখেতে লোৱা ভূমিকাৰ কথাও গৌৰৱেৰে ষ্মৰণ কৰে৷
অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ সম-উপাচাৰ্য শিৱাশিস বিশ্বাসে হিতেশ ডেকা আৰু অসমীয়া সাহিত্যৰ বিষয়ে এক নিটোল ভাষণ দি বক্তৃতা-অনুষ্ঠানটো উদ্ধোধন কৰে৷ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° কুসুম্বৰ বৰুৱাৰ সভাপতিত্ব হোৱা বক্তৃতা-অনুষ্ঠানত শাৰিৰীক অসুস্থতাৰ বাবে মুখ্য অতিথি বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙ উপস্থিত থাকিব নোৱাৰিলে যদিও তেখেতৰ শুভেচ্ছা বাৰ্তা পাঠ কৰি দিয়ে ৷

আমন্ত্ৰিত অতিথিৰ ভাষণ প্ৰদান কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই কয় যে সাহিত্যিক হিতেশ ডেকাৰ উপন্যাস সমূহত অসমৰ সমাজ জীৱনৰ চিত্ৰ প্ৰতিফলিত হৈছিল ৷ তেখেতৰ সৃষ্টিৰাজিত যি দৰে জাতীয় সমস্যাৰ প্ৰতিফলন হৈছিল তাক সাৰোগত কৰি আমাৰ ভাষা-সংস্কৃতি সুৰক্ষাৰ বাবে আমি জাতীয় জীৱনক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিব লাগিব৷ তাৰ বাবে নতুন প্ৰজন্মক আগবাঢ়ি আহিবলৈ তেওঁ আহবান জনায়৷ বিশিষ্ট অতিথিৰ আসনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° বিমল মজুমদাৰ আৰু নগাঁও ছোৱালী কলেজৰ সহযোগী অধ্যাপক ড° অমিয়া পাটৰে সাহিত্যিক হিতেশ ডেকাই কিদৰে নিজৰ উপন্যাসত অসমৰ সমাজ জীৱনৰ জীৱন্ত প্ৰতিচ্ছবি অংকন কৰিছিল তাৰ ব্যাখ্যা আগবঢ়ায় ৷ ড° মজুমদাৰে কয় যে হিতেশ ডেকাদেৱে উপন্যাস ৰচনাত ব্যঞ্জনাধৰ্মী, এক সুকীয়া শৈলী ব্যৱহাৰ কৰিছিল।
ড° অমিয়া পাটৰে তেখেতৰ বক্তৃতাত উল্লেখ কৰে যে হিতেশ ডেকাৰ উপন্যাসত জৈৱিক প্ৰেম আত্মিক প্ৰেমলৈ পৰিবৰ্তিত হোৱা দেখা যায় ৷ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° হীৰা মান্না দাসে আদৰণী ভাষণেৰে সকলোকে আদৰণি জনোৱা অনুষ্ঠানটোত পৰিষদৰ অ এচ ডি মোহন বৰ্মন আৰু নটাৰী ফুনু বৰ্মনে স্মৃতি তৰ্পণ আৰু গবেষণা বিষয়া ড° সুৰঞ্জনা হাছনুৱে শলাগৰ শৰাই আগবঢ়ায়৷













