
ধিঙৰ ধৰ্ষণকাণ্ডৰ সৈতে জড়িত দুই অভিযুক্তই আজি নগাঁও আৰক্ষী চকীত আত্মসমৰ্পণ কৰে। নগাঁৱৰ সংখ্যালঘু সংগঠনৰ নেতাই পলাতক অভিযুক্ত ক্ৰমে গোলাপ উদ্দিন আৰু ফৰিদুল ইছলামক নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত হাজিৰ কৰোৱায়।

ডিমাপুৰ আৰু মৰিগাঁৱত অতদিনে লুকাই আছিল এই দুই অভিযুক্ত।দুয়োকে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ২২ আগষ্টত ধিঙত সংঘটিত হৈছিল এই ধৰ্ষণ কাৰ্য।












