
শিখসকলৰ ধৰ্মীয় পৰিচয়ৰ প্ৰতীকক লৈ ‘বিতৰ্কিত’ মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীৰ (Rahul Gandhi) বাংলোৰ সন্মুখত প্ৰতিবাদ। দিল্লীত বুধবাৰে বিজেপি আৰু শিৰোমণি আকালি দলৰ ‘ঘনিষ্ঠ’ হিচাপে পৰিচিত কেইবাটাও শিখ সংগঠনে কংগ্ৰেছ সাংসদগৰাকীৰ ৰায়বৰেলীৰ চৰকাৰী বাংলোৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। কিন্তু দিল্লী আৰক্ষীয়ে বেৰিকেডেৰে পথ অৱৰোধ কৰাত বাংলোটোৰ সন্মুখলৈ যাব নোৱাৰিলে।

উল্লেখ্য যে আমেৰিকা ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে দেওবাৰে নিশা হাৰ্ণ্ডনত ভাৰতীয় মূল আৰু প্ৰব্ৰজনকাৰী ভাৰতীয়ৰ সৈতে বৈঠকত মিলিত হয়। অভিযোগ মতে, তাত তেওঁ এজন শিখৰ ফালে আঙুলিয়াই কয় যে শিখসকলে যাতে মূৰত পাগুৰি পিন্ধি, হাতত কাড়া পিন্ধি নিজৰ ইচ্ছামতে গুৰদ্বাৰালৈ যাব পাৰে তাৰ বাবে ‘ইণ্ডিয়া’ই যুঁজিছে।
লগতে তেওঁৰ মন্তব্য, “আমাৰ যুঁজখন ৰাজনীতিৰ বাবে নহয়। শিখ এজনে পাগুৰি পিন্ধিব পাৰেনে নোৱাৰে তাক লৈয়ো নহয়। ই সকলো ধৰ্মৰ বাবে।” আনহাতে, নৰেন্দ্ৰ মোডী চৰকাৰৰ দিনত সংখ্যালঘুসকলৰ নিজৰ ধৰ্ম মুক্তভাৱে পালন কৰাৰ অধিকাৰ সংকুচিত হৈছে বুলিও তেওঁ অভিযোগ কৰে।
ইফালে ৰাহুল গান্ধীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয়, “দেশৰ কোন ঠাইত শিখসকলৰ পাগুৰি পৰিধানৰ অধিকাৰ কৰ্তন কৰা হৈছে ৰাহুলে উত্তৰ দিব পাৰিবনে? সংকীৰ্ণ ৰাজনীতি কৰি আছে। মই এজন গৌৰৱান্বিত শিখ। ছয় দশকৰো অধিক সময় ধৰি মই পাগুৰি পিন্ধি দেশৰ সকলো প্ৰান্তলৈ গৈছোঁ।”
ইয়াৰ পিছত ৰাহুল গান্ধীৰ ওপৰত তেওঁ ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত শিখবিৰোধী হিংসাৰ বিষয়টো উত্থাপন কৰি কয়, “শিখৰ পাগুৰি পিন্ধাৰ অধিকাৰক লৈ এসময়ত দেশত সংকট আহিছিল।
সেই সময়ত তেওঁৰ পিতৃ ৰাজীৱ গান্ধীয়ে কি কৈছিল সেয়া সকলোৱে জানে।” শিৰোমণি আকালি দলেও ৰাহুলৰ মন্তব্যৰ বিৰোধিতা কৰিছে। আনহাতে, ৰাহুল গান্ধীৰ কাষত থিয় হৈ আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিঙে অভিযোগ কৰে যে কৃষি বিধেয়ক বিৰোধী আন্দোলনৰ সময়ত বিজেপিয়ে শিখসকলক খালিস্তানী বুলি মাতিছিল।











