ASSAM TIMES POST
নগাঁওঃ শিল্পী দিৱস উপলক্ষে আজি নগাঁও চহৰৰ অগ্ৰণী শিক্ষা প্রতিষ্ঠান ৰামানুজন মাধ্যমিক বিদ্যালয়ত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয়।
বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে জ্যোতি প্ৰসাদ আগৰৱালাৰ গীত,কবিতা আদি পৰিবেশন কৰাৰ লগতে ৰূপকোঁৱৰৰ জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায় ।

আনহাতে বিদ্যালয়খনৰ অধ্যক্ষ দিলীপ বৰাই ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ আদৰ্শক সৰোগত কৰি জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধ হবলৈ ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায় । উপধ্যক্ষা সংগীতা বৰুৱা বৰাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে সাংবাদিক জিতেন বৰকটকীয়ে ।
শিল্পী দিৱসৰ অনুষ্ঠানত উপাধ্যক্ষা সংগীতা বৰুৱাৰ লগতে ডেৰ কুৰিৰো অধিক ছাত্ৰ- ছাত্ৰীয়ে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ গীত, মাত আদি পৰিবেশন কৰে।













