
দেওবাৰে পুৱা ৭ বজাত মাৰোৱাৰী যুৱ মঞ্চৰ ডিফু অমৃতি শাখাৰ উদ্যোগত আৰু কাৰবি আংলং জিলা আৰক্ষীৰ সহযোগত ডিফু মাৰোৱাৰী বিবাহ ভৱনৰ পৰা মাঞ্জা থানালৈ চাইক্লথন শীৰ্ষক চাইকেল ৰেলী উলিওৱা হয় ৷ সুস্থ পৰিৱেশ আৰু স্বাস্থ্যৰ বাবে ‘ ছে ‘ ন টু ড্ৰাগছ, ইয়েছ টু লাইফ’ সজাগতাৰ থীম হিছাপে লৈ বাহিৰ কৰা চাইক্লথনৰ ফ্লেগ অফ কৰে কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ৷

উক্ত চাইক্লনথনত কাৰবি আংলং পুলিছ, ২০ বিএন চিআৰপিএফ আৰু মাৰোৱাৰী যুৱ মঞ্চৰ লগতে বহু লোকে উক্ত ৰেলীত অংশ গ্ৰহণ কৰে ৷ উক্ত ৰেলীত অংশ গ্ৰহণ কৰা হৃষিকেশ বৰা প্ৰথম স্থান, ৰৌছনৰাজ টেৰণ দ্বিতীয় স্থান আৰু ছাৰবংচ’ টিচ’ই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ স্থানপ্ৰাপ্ত তিনিও গৰাকী যুৱ চাইক্লীষ্টক উদ্যোক্তা সকলে ট্ৰফী আৰু মানপত্ৰৰে সন্মানিত কৰে ৷
এই উপলক্ষে মাঞ্জা থানা চৌহদত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত মাঞ্জা থানাৰ অচি স্বমধন স্বৰ্গীয়াৰী , মাৰোৱাৰী যুৱ মঞ্চ অমৃতিশাখা সভাপতি প্ৰিতম দাগা, সম্পাদক ৰাকেশ ৰামাৱত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা মণ্ডলৰ সভানেত্ৰী ববিতা আগৰৱাল আৰু বিশিষ্ট অতিথি ৰামজিলাল মুণ্ড লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷













