
মঙলবাৰে পুৱা প্ৰায় ৬ বাজি ৩০ মিনিটত লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে ডিফুত কাৰবি আংলং জিলা প্ৰশানৰ উদ্যোগত “একতাৰ দৌৰ” কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ এই উপলক্ষে ডিফু কাছা ষ্টেডিয়াত সমবেত হোৱা দুই শতাধিক লোকৰ অংশ গ্ৰহণেৰে একতা দৌৰৰ ফ্লেগ অফ কৰে কাৰবি আংলং জিলা আয়ুক্ত নিৰলা ফাংচ’পীয়ে ৷

কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকী উচ্চ পদস্থ বিষয়া আৰু কাছাৰ সাধাৰণ সম্পাদক ডঃ পংকজ টেৰণ লগতে জিলা ক্ৰীড়া বিষয়া ৰিলীপ ৰংহাঙৰ উপস্থিত কাছা ষ্টেডিয়ামৰ পৰা ডিফু চহৰ হৈ ডিএমচিএইছলৈকে একতাৰ দৌৰ বাহিৰ কৰা হয় ৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জিলা আয়ুক্ত নিৰলা ফাংচ’পীয়ে কয়যে, চৰদাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে দুদিনীয়াকৈ কাৰ্যসূচীৰে তেওঁৰ জীৱনাদৰ্শক সৰোগত কৰি শান্তি, সম্প্ৰিতীৰ প্ৰতিক হিছাপে আমি সকলোৱে ঐক্যবদ্ধ হৈ থকাৰ বাবে এই একতাৰ দৌৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷












