ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
আজি ইতিমধ্যে ছুপ্ৰিম কোৰ্টে প্ৰদান কৰে গুৰুত্বপূৰ্ণ নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত শুনানি। শুনানিত ছুপ্ৰিম কোৰ্টে স্থগিতাদেশ প্ৰদান নকৰি বিষয়টো সন্দৰ্ভত কেন্দ্ৰৰ পৰা স্থিতি স্পষ্ট কৰিবলৈ ৪ সপ্তাহৰ সময়সীমা বান্ধি দিয়ে। ইয়াৰ পিছত তিনিজনীয়া বা পাঁচজনীয়া বিচাৰপীঠত অনুষ্ঠিত হ’ব শুনানি। আনহাতে, অসম আৰু ত্ৰিপুৰাৰ গোচৰসমূহৰ পৃথকে পৃথকে দুসপ্তাহৰ পিছত শুনানি হ’ব।
ইফালে নাগৰিকত্ব সংশোধনী আইন, ২০১৯ সন্দৰ্ভত প্ৰদান কৰিবলগা শুনানিৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে শ্রেণী বৰ্জন কৰি প্ৰতিবাদলৈ ওলাই আহে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে নিজ নিজ বিশ্ববিদ্যালয় চৌহদত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত আজি পুৱাই ছাত্ৰ সমাজে শ্রেণী বৰ্জন কৰি দাহ কৰে ‘কা’ৰ ৰাজপত্ৰিত অধিসূচনাৰ প্ৰতিলিপি। প্ৰতিলিপি দাহ কৰি ছাত্ৰ সমাজৰ চৰকাৰৰ বিৰুদ্ধে সাৱধানবাণী, ‘কা’ আমি নামানো, দিল্লী-দিছপুৰ হুঁচিয়াৰ, বিজেপি গ বেক।
আনহাতে, আইনখন যেতিয়ালৈকে বাতিল নহয় তেতিয়ালৈকে বিজেপিৰ বিৰুদ্ধে ছাত্ৰ সমাজে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও উল্লেখ কৰে বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে।













