ASSAM TIMES POST
বিশেষ প্ৰতিবেদক
আজি ইতিমধ্যে ছুপ্ৰিম কোৰ্টে প্ৰদান কৰে গুৰুত্বপূৰ্ণ নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত শুনানি। শুনানিত ছুপ্ৰিম কোৰ্টে স্থগিতাদেশ প্ৰদান নকৰি বিষয়টো সন্দৰ্ভত কেন্দ্ৰৰ পৰা স্থিতি স্পষ্ট কৰিবলৈ ৪ সপ্তাহৰ সময়সীমা বান্ধি দিয়ে। ইয়াৰ পিছত তিনিজনীয়া বা পাঁচজনীয়া বিচাৰপীঠত অনুষ্ঠিত হ’ব শুনানি। আনহাতে, অসম আৰু ত্ৰিপুৰাৰ গোচৰসমূহৰ পৃথকে পৃথকে দুসপ্তাহৰ পিছত শুনানি হ’ব।
ইফালে জাতিধ্বংসী আইনখনৰ স্থগিতাদেশ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আৰম্ভ হোৱা শুনানি প্ৰক্ৰিয়াৰ সমান্তৰালকৈ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে গ্ৰহণ কৰে ‘গণ অনশন’ কাৰ্যসূচী। বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত কটনিয়ানে দিনজোৰা কাৰ্যসূচীৰে গ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী। উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়সমূহৰ ছাত্ৰ সমাজৰ আহ্বানত কটনিয়ানে আজি শ্রেণী বৰ্জন কৰি ওলাই আহে গণ অনশন কাৰ্যসূচীলৈ।
গণ অনশন কাৰ্যসূচীত উপস্থিত আছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক ৰাহুল বৰদলৈ, প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা প্ৰমুখ্যে বিশ্ববিদ্যালয় ছাত্ৰ সমাজ।













