ASSAM TIMES POST
বিশেষ প্ৰতিবেদন
নিজৰ বিশ্ব ৰেকৰ্ড নিজেই ভাঙিলে গুজৰাটৰ এইগৰাকী কিশোৰীয়ে। অপ্ৰাপ্তবয়স্কলকৰ ভিতৰত সকলোতকৈ দীঘল চুলিৰ অভিলেখ পূৰ্বে তেওঁৰ দখলতেই আছিল। সেই অভিলেখ অধিক মজবুত কৰিলে সপ্তদশী নীলাংশী পেটেলে। এইখিনিতে উল্লেখ কৰা ভাল যে, তেওঁৰ অভিলেখ যেন অধিক সুদৃঢ় কৰিলে।
গিনীজ ৱৰ্ল্ড ৰেকৰ্ডত পূৰ্বতেই নাম উঠিছিল তেওঁৰ। ২০১৮ চনতেই অপ্ৰাপ্তবয়স্কসকলৰ ভিতৰত সকলোতকৈ দীঘল চুলিৰ অভিলেখ দখল কৰিছিল নীলাংশীয়ে। ত্তিয়া তেওঁৰ চুলিৰ দৈৰ্ঘ্য আছিল ১৭০.৫ চেণ্টিমিটাৰ বা প্ৰায় চাৰে পাঁচ ফুট। নিজৰ এই অভিলেখ ভংগ কৰি এতিয়া তেওঁৰ চুলিৰ দৈৰ্ঘ্য ১৯০ চেণ্টিমিটাৰ বা প্ৰায় ৬ ফুট ৩ ইঞ্চি। ইয়াৰ বাবেই তেওঁ লাভ কৰিছে গিনীজ ৱৰ্ল্ড ৰেকৰ্ডৰ তৰফৰ পৰা প্ৰমাণ-পত্ৰ।
নতুন অভিলেখ সৃষ্টি কৰি নীলাংশীয়ে সংবাদ মাধ্যমৰ আগত জনায়, তেওঁ কোনো দিনে নিজৰ চুলি কাটিব নিবিচাৰে। এই চুলি তেওঁৰ অতি প্ৰিয়। তেওঁৰ এই দীঘল চুলিৰ ৰহস্য কি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “মায়ে বিশেষ কিছুমান উপাদান দি ঘৰুৱা পদ্ধতিত এবিধ বিশেষ তেল প্ৰস্তুত কৰে।” পিছবেলাৰ পৰাই সেই তেল ব্যৱহাৰ কৰে নীলাংশীয়ে। তেওঁৰ মাতৃয়ে বিচাৰে নিজৰ জীয়াৰীৰ চুলি অধিক দীঘল হওক।

আনহাতে, ইমান দীগ চুলিৰ বাবে কিবা অসুবিধা হয় নেকি বুলি সোধাত তেওঁ একো অসুবিধা নহয় বুলিও জনায়। সপ্তাহত এবাৰ মাত্ৰ তেওঁ চুলি ধোৱে। চুলি শুকাবলৈ লাগে প্ৰায় আধাঘণ্টা। আৰু ফণীৰে চুলিৰ জোঁট ভাঙিবলৈ সময় লাগে প্ৰায় এঘণ্টা।
ভৱিষ্যতে ছফটৱেৰ ইঞ্জিনীয়াৰ হ’ব বিচাৰে নীলাংশীয়ে। পঢ়া-শুনাৰ ক্ষেত্ৰত ইমান দীঘল চুলিয়ে কোনো সমস্যাৰ সৃষ্টি নকৰে বুলিও জনায় তেওঁ। যেতিয়া তেওঁৰ মাতৃয়ে চুলিৰ জোঁট ভাঙিব বহে, তেতিয়া তেওঁৰ হাতত কিতাপ থাকে। নিজৰ মতেই তেওঁ পঢ়া আগবঢ়াই নিয়ে। এইটো তেওঁৰ আবেলিৰ অভ্যাস। নীলাংশী এতিয়া দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। জইণ্ট এণ্ট্ৰেন্স পৰীক্ষাৰো প্ৰস্তুতি চলাই গৈছে নীলাংশীয়ে।













