
শণিবাৰে বিয়লি প্ৰায় ৪ বজাত বকলীয়াঘাট (Bakliaghat) আৰক্ষীয়ে জানিবলৈ দিয়ে যে বকলীয়াঘাটৰ টঙীয়া (Bakliaghat’s Tongia)ত এটি কিশোৰক হত্যা (Murder of a teenager)ৰ অপৰাধত এজন লোকক আটক কৰি ডিফু ন্যায়িক আদালতত হাজিৰ কৰা হৈছে৷

উল্লেখযোগ্যযে শুকুৰবাৰে বিয়লি বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত টাঙিয়া মৰা যমুনাত প্ৰশেনজিৎ দাস (Prasenjit Das) নামৰ ১৩ বছৰীয়া এটি কিশোৰক একে গাঁৱৰে এজন লোকে দাৰে ঘপিয়াই হত্যা কৰে৷ একে গাঁৱৰে বাবলু দাস (Babul Das) নামৰ এজন ড্ৰাগছ আসক্ত যুৱকে কিশোৰটিক হত্যা কৰা বুলি ৰাইজে মন্তব্য কৰিছে৷ বাতৰি সংগ্ৰহ কৰা পৰলৈকে হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই৷ আৰক্ষীৰ তদন্ত অব্যাহত আছে৷













