ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ৭৫ বছৰ: কাৰবি আংলং আৰু ডিমা হাছাওৰ স্বায়ত্ত্বশাসনৰ দাবী

অধ্যাপক মহেন্দ্ৰ পি লামা আৰু সমীৰ কুমাৰ দাসে আলোচনা চক্ৰত আগবঢ়ালে গুৰুত্বপূৰ্ণ মন্তব্য

ASSAM TIMES POST by ASSAM TIMES POST
November 13, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু: আজিৰ পৰা ডিফুৰ আৰবৰেটামত অনুষ্ঠিত হৈছে ভাৰতীয় সংবিধানত ষষ্ঠ অনুসুচীৰ অন্তৰ্ভুক্তিৰ ৭৫ বছৰ হোবা উপলক্ষে এখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰ ৷ ১৯৫২ চনত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচীৰ অধীনত গঠন হৈছিল কাৰবি আংলং আৰু ডিমা হাছাও স্বায়ত্ত্বশাসিত পৰিষদ ৷ বৰ্তমান অসমত ষষ্ঠ অনুসুচীৰ অন্তৰ্গত তিনিখন পৰিষদ আছে ৷ এই তিনিখন পৰিষদ কাৰবি আংলং , ডিমা হাছাও আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলে দীৰ্ঘদিনৰ পৰা ষষ্ঠ অনুসুচীৰ ক্ষমতা পৰ্য্যাপ্ত নহয় বুলি পৃথক ৰাজ্যৰ দাবী জনায় আহিছে ৷

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ৭৫ বছৰ: কাৰবি আংলং আৰু ডিমা হাছাওৰ স্বায়ত্ত্বশাসনৰ দাবী
ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ৭৫ বছৰ: কাৰবি আংলং আৰু ডিমা হাছাওৰ স্বায়ত্ত্বশাসনৰ দাবী

কিন্তু ২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় শাসিত এলেকাৰ মৰ্য্যদা প্ৰদান কৰা লাডাখৰ লাডাখী নেতা সোনম ৱাংচুকে লাডাখক ষষ্ঠ অনুসুচীৰ পৰিষদ দিবলৈ দাবী কৰি আহিছে ৷ অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ প্ৰতি উপাৰ্চায্য শিৱাশীষ বিশ্বাস আৰু শিলঙৰ নেহু বিশ্ববিদ্যালয়ৰ অধ্যাপক ভোলি ধনৰাজুৱে কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ অৰ্থ সাহাৰ্য্যত আজিৰ পৰা ডিফুৰ আৰবৰেটামত আয়োজন কৰিছে দুদিনীয়া এক আলোচনাচক্ৰ ৷

ষষ্ঠ অনুসুচীৰ প্ৰয়োগৰ ৭৫ বছৰ হোৱা উপলক্ষে আয়োজিত এই আলোচনা চক্ৰত আজি উদ্ধোধনী অনুষ্ঠানত ভাগ লয় দেশৰ বিশিষ্ট পৰিবেশবিদ তথা ৰমন মেগাছেছ বঁটা প্ৰাপক লাডাখী নেতা সোনম ৱাংচুক , চিকিম বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা চিকিম চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টা মহেন্দ্ৰ পি লামা আৰু কলকতা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক সমীৰ কুমাৰ দাসে ৷

পৰিষদৰ কলা-সংস্কৃতি বিভাগৰ কাৰ্যবাহী সদস্য সূৰ্য্য ৰংফাৰৰ অধ্যাক্ষতাত হোৱা প্ৰথম পৰ্য্যায়ৰ আলোচনা চক্ৰৰ পিছত বিশিষ্ট পৰিবেশবিদ সোনম ৱাংচুকে সংবাদ মাধ্যমৰ আগত কয় যে মই ষষ্ঠ অনুসচীৰ সবিশেষ শিকিবলৈ আহিছো ৷ ষষ্ঠ অনুসুচীৰ অধিকাৰ থকাৰ বাবে কাৰবি আংলং আৰু ডিমা হাছাওৰ প্ৰকৃতি , জনজাতীয় জীৱন , পৌৰাণিক ৰীতি-নীতি বাচি আছে ৷ সেয়ে কেন্দ্ৰীয় চৰকাৰক আমি ষষ্ঠ অনুসুচীৰ ক্ষমতা দাবী কৰি আছো ৷

ষষ্ঠ অনুসুচীৰ সকলো বিষয় আজি আৰু কাইলৈ আলোচনা হ’ব ৷ য’ত কিছু কম আছে সেয়া ভাৰতীয় সংবিধানৰ ১২৫ তম সংশোধনীত সম্পূৰ্ণ হ’ব বুলি আশা কৰি তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলত থকা এই পৰিষদৰ ক্ষমতা লাডাখক দিব বুলি বিজেপি চৰকাৰে ২০১৯-২০ প্ৰতিশ্ৰুতি দিছিল ৷ৱংচুকে কয় যে ২১ শতিকাতো ষষ্ঠ অনুসুচীৰ গ্ৰহণযোগ্যতা অধিক ৷ এই ক্ষমতাই জনজাতীয় লোকক অধিক সুৰক্ষিত কৰিব ৷ লাডাখত ৯৯% লোক জনজাতি ৷ কোম্পানীয়ে নিজৰ লাভৰ বাবে কাম কৰিব কিন্তু ষষ্ঠ অনুসুচীয়ে হাজাৰ হাজাৰ বছৰৰ জনজাতীয় লোকৰ সংস্কৃতি আৰু পৰিবেশ সুৰক্ষিত কৰিব বুলি তেওঁ আশা কৰে ৷

লাডাখী নেতা সোনম ৱাংচুকে সোমবাৰে হাফলঙত উপস্থিত হৈ ডিমা হাছাও স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যপদ্ধতি অধ্যয়ন কৰিছিল ৷ কিন্তু তেওঁতো নাজানে ষষ্ঠ অনুসুচীৰ অধীনত গঠিত ডিমা হাছাও স্বায়ত্ত্বশাসিত পৰিষদে দেশৰ ধণাঢ্য পুঁজিপতি আদানী গ্ৰুপক উমৰাংচ’ৰ ৯ হাজাৰ বিঘা মাটি কিদৰে জনজাতীয় লোকক উচ্ছেদ কৰি দিবলৈ লোৱাক লৈ সংগ্ৰাম চলি আছে ৷ তেওঁতো নাজানে কিদৰে কাৰবি আংলং জিলাত এতিয়া কেৱল কাগজত ঘন অৰণ্য বৰ্তি আছে ৷ তথাপি লাডাখী নেতা গৰাকীৰ আশা ষষ্ঠ অনুসুচীৰ অধীনত ডালাখ , লেহ আৰু কাৰগিল স্বায়ত্ত্বশাসিত পৰিষদ দিলেই প্ৰকৃতি , মানুহ , সংস্কৃতি সকলো হাজাৰ হাজাৰ বছৰলৈকে সৰক্ষিত হ’ব ৷

যিটোৱে গোলকীয় উষ্ণতাৰ সমতা ৰক্ষা কৰিব ৷ কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ কলা-সংস্কৃতি বিভাগৰ কাৰ্যবাহী সদস্য সূৰ্য্য ৰংফাৰৰ অধ্যক্ষতাত হোৱা উদ্ধোধনী অনুষ্ঠানত ভাষণ দি দেশৰ এগৰাকী বিশিষ্ট লেখক তথা কলকতা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক সমীৰ কুমাৰ দাসে কয় যে কাষ্টমাৰী ল আৰু আমাৰ দেশৰ আইন কোনটোক লৈ আমি আগবাঢ়িম ৷ ৱাংছিংটন পোষ্টৰ এটা বাতৰিৰ প্ৰসঙ্গ উল্লেখ কৰি তেওঁ কয় যে পেনছিলভিনেয়াৰ এটা জনজাতী হ’ল “এমিউচ” ৷ তেওঁলোকে আধুনিক শিক্ষা , চিকিৎসা বা খাদ্যাভাস গ্ৰহণ কৰিবলৈ ৰাজি নহয় ৷ তেওঁলোকে পৰিশোধন নকৰাকৈ গাখীৰ খোৱাৰ বাবে বহু শিশুৰ মৃত্যু হ’ল । ফলত ইউ এছ চৰকাৰে তেনেদৰে গাখীৰ খোৱাটো নিষিদ্ধ কৰিব লগা হ’ল ৷ সেয়ে পৰম্পৰাৰ বৰ্তাই ৰখাৰ কথা কওঁতে এই দিশ বিলাকৰ কথাও আমি ভাবিব লাগিব ৷

আন এগৰাকী বক্তা অধ্যাপক মহেন্দ্ৰ পি লামাই কয় যে পৰিষদ সমূহে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে ধন নিদিয়াৰ কথা কয় ৷ কিন্তু চৰকাৰী সাহাৰ্য্য পাবলৈ তেওঁলোকে প্ৰয়োজন অনুসৰি প্ৰকল্প দিব নোৱাৰে ৷ আজিৰ উদ্ধোধনী অনুষ্ঠানত কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত নাই ৷ তেওঁ ডংকামকামত পট্ৰা বিতৰণ অনুষ্ঠানত আছিল ৷ সেয়ে প্ৰতি উপাৰ্চায্য শিৱাশীষ বিশ্বাসে আদৰণি ভাষণ দি কয় যে তেওঁ যদিও নাই কিন্তু কাৰবি আংলঙৰ সকলোতে তেখেত আছে ৷

আনহাতে অধ্যাপক ভোলি ধনৰাজুৱে কয় যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰে দিয়া পুঁজি সময়ত পৰিষদ সমূহক এৰি নিদিয়ে ৷ কিন্তু ভাৰতীয় সংবিধানৰ ১২৫ তম সংশোধনী শীঘ্ৰে হ’ব । এই সংশোধনী হ’লেই এই অসুবিধা আতঁৰিব ৷ তেওঁ সংবিধানৰ ২৪৪( ক ) অনুচ্ছেদৰ অধিনত কাৰবি আংলঙে স্বায়ত্ত্বশাসিত ৰাজ্য পোৱা উচিত বুলিও কয় ৷

Tags: অসম বিশ্ববিদ্যালয়আদানী গ্ৰুপআধুনিক শিক্ষাআলোচনাচক্ৰআৰবৰেটামউচ্ছেদকলা-সংস্কৃতি বিভাগকাৰবি আংলংকাৰ্যপদ্ধতি অধ্যয়নকেন্দ্ৰীয় চৰকাৰগোলকীয় উষ্ণতাচিকিম বিশ্ববিদ্যালয়জনজাতি সুৰক্ষাডিমা হাছাওনেহু বিশ্ববিদ্যালয়প্ৰকৃতি সুৰক্ষাপৰম্পৰাৰ ৰক্ষাপৰিবেশবিদবড়োলেণ্ড টেৰিটৰিয়েল কাউচিলভাৰতীয় সংবিধানভাৰতীয় সংবিধানৰ ১২৫ তম সংশোধনীভোলি ধনৰাজুমহেন্দ্ৰ পি লামালাডাখশিৱাশীষ বিশ্বাসষষ্ঠ অনুসূচীসংবাদ মাধ্যমসমীৰ কুমাৰ দাসসাংস্কৃতিক পৰিচয়.সোনম ৱাংচুকস্বায়ত্ত্বশাসিত পৰিষদ২১ শতিকাৰ দাবী২৪৪(ক) অনুচ্ছেদৰাষ্ট্ৰীয় আলোচনা চক্ৰ
Share4Tweet3Send

Related Posts

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন
KARBI ANGLONG

Haoraghat robbery । হাওৰাঘাটত চাঞ্চল্যকৰ ডকাইতি; ডকাইতৰ দলে লুটিলে শিক্ষকৰ ঘৰৰ সোণৰ অলংকাৰসহ বাহন

by Staff Reporter
July 30, 2026
50
শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ
KARBI ANGLONG

শিৱসাগৰৰ বানাক্ৰান্ত জনতাৰ কাষত কাৰবি আংলঙৰ মানৱদৰদী সমাজ

by Staff Reporter
July 30, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
ADVERTISEMENT
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026
50
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ
National-International

PM Modi I মোদীৰ একাউণ্টৰ পৰা ফেচবুক পোষ্ট ডিলিটৰ পিছতে মেটাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কেন্দ্ৰৰ

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx