ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডংকামোকাম-বৈঠালাংছত চৰকাৰী ভাৱে মাটিৰ পট্টা বিতৰণৰ শুভাৰম্ভ :

বিনামূলীয়াকৈ এক লাখ পৰিয়ালক সামৰি মাটিৰ পট্টা প্ৰদানৰ আশ্বাস ড° তুলিৰাম ৰংহাঙৰ

ASSAM TIMES POST by ASSAM TIMES POST
November 13, 2024
Reading Time: 1 min read
A A
0
ডংকামোকাম-বৈঠালাংছত চৰকাৰী ভাৱে মাটিৰ পট্টা বিতৰণৰ শুভাৰম্ভ :

RELATED POSTS

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু: দুদিনীয়া চৰকাৰী কাৰ্যসুচী লৈ পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ আৰু ডংকামোকামত পৃথকে-পৃথকে কাৰ্বি আংলং স্বাযত্ব পৰিষদে “পুৰ্থিমী আকেমাং” নামাকৰণেৰে এক চৰকাৰী অভিলাষী কাৰ্যসুচী লৈ মাটিৰ পট্টা বিতৰণ কৰে ৷

ডংকামোকাম-বৈঠালাংছত চৰকাৰী ভাৱে মাটিৰ পট্টা বিতৰণৰ শুভাৰম্ভ :
ডংকামোকাম-বৈঠালাংছত চৰকাৰী ভাৱে মাটিৰ পট্টা বিতৰণৰ শুভাৰম্ভ :

জিলা খনৰ নৱ গঠিত অসম বিধান সভাৰ ১১১ নং ৰংখাং বিধান সভা সমষ্টি আৰু ১১২ নং আমৰি বিধান সভা সমষ্টিৰ অধীনস্থ বৈঠালাংছৰ চেৰদিহুন আক্লামত কালি চৰকাৰী ভাৱে মাটিৰ পট্টা বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভৰ পাচত আজি ডংকমোকামস্থিত ৱাইচং খেল পথাৰত কাৰ্বি আংলং স্বাযত্ব পৰিষদে দ্বিতীয়তো ধাৰাবাহিক চৰকাৰী অভিলাষী কাৰ্যসুচী লৈ চৰকাৰী ভাৱে মাটিৰ পট্ৰা বিতৰণ কৰে ৷

ইপিনে, আমৰি বিধান সভা সমষ্টিৰ বৈঠালাংছৰ চেৰদিহুন আক্লামত কালি পোন্ধৰ হাজাৰ লোকক বিনামূলীয়া ভাৱে কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে মাটিৰ পট্টা বিতৰণ কৰে ৷ আজি ডংকামোকাম ৱাইচং খেল পথাৰত প্ৰায় ২০ হাজাৰ পৰিয়ালক সামৰি কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙৰ নেতৃত্বত চৰকাৰী ভাৱে বিনামূলীয়া কৈ মাটিৰ পট্টা বিতৰণ কৰে ৷

“পুৰ্থিমী আকেমাং” নামৰ চৰকাৰী অভিলাষী কাৰ্যসুচীত আজি ডংকামোকাম ৱাইচং খেল পথাৰত মুখ্য অতিথি ৰূপে উপস্থিত থাকি মুখ্য কাৰ্যবাহী ড° তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত দুই পাহাৰীয়া জিলাৰ এক লাখ পৰিয়ালক সামৰি চৰকাৰী ভাৱে চলিত বিত্তীয় বৰ্ষৰ ভিতৰত কাৰ্বি আংলং স্বাযত্ব পৰিষদে বিনামূলীয়া কৈ মাটিৰ পট্টা প্ৰদান কৰিব বুলি আজিৰ ৰাজহুৱা সভাত আশ্বাস দিয়ে ৷

লগতে বিৰোধীৰ অপপ্ৰচাৰত ভুল নাযাবলৈ ও ৰাইজক আহ্বান জনায় ড° ৰংহাঙে ৷ চৰকাৰী ভাৱে আযোজিত “পৰ্থিমী আকেমাং”কাৰ্যসুচীত ৬ নং ডিফু লোকসভা সমষ্টি সাংসদ অমৰ ছিং টিচ্চ, বিধায়কদ্বয় ক্ৰমে ৰূপছিং টেৰণ, দৰছিং ৰংহাং, কাৰ্বি পৰিষদৰ অধ্যক্ষ ৰাজু টিচ্চ, কাৰ্বি জনগোষ্ঠীয় পৰম্পৰা ৰজা লংছিং ৰংহাং, পৰিষদৰ কাৰ্যবাহী সদস্য-সদস্যা প্ৰমুখ্যে হামৰেণ জিলা আয়ুক্ত সুৰংগা পানী শৰ্মা, হামৰেণ জিলা আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱা আৰু কাৰ্বি পৰিষদৰ ভুমি বিভাগৰ সচিব সহ পৰিষদৰ বিভিন্ন বিভাগৰ সচিব দ্বয় উপস্থিত থাকে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অপপ্ৰচাৰঅসম বিধান সভাআমৰি বিধান সভাইন্দ্ৰনীল বৰুৱাকাৰ্বি আংলং স্বাযত্ব পৰিষদকাৰ্বি পৰিষদকাৰ্বি পৰিষদৰ ভুমি বিভাগচৰকাৰী অভিলাষী কাৰ্যসুচীচৰকাৰী কাৰ্যসুচীচৰকাৰী সভা.ড° তুলিৰাম ৰংহাঙডংকামোকামদুই পাহাৰীয়া জিলাৰদৰছিং ৰংহাংপশ্চিম কাৰ্বি আংলংপুৰ্থিমী আকেমাংবিত্তীয় বৰ্ষবিধায়ক ৰূপছিং টেৰণবিনামূলীয়া মাটিৰ পট্টাবৈঠালাংছমাটিৰ পট্টা বিতৰণমুখ্য অতিথিরাজা লংছিং ৰংহাংসচিবসাংসদ অমৰ ছিং টিচ্চসুৰংগা পানী শৰ্মাহামৰেণ জিলা আয়ুক্তহামৰেণ জিলা আৰক্ষী অধীক্ষক২০ হাজাৰ পৰিয়াল৬ নং ডিফু লোকসভা সমষ্টিৰংখাং বিধান সভা
Share5Tweet3Send

Related Posts

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
57
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
52
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
60
ADVERTISEMENT
Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা
National-International

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
50
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত
National-International

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
50
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026
50
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে
National-International

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

September 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

Mumbai family suicide attempt : দুই কন্যা-পত্নীসহ দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা, আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা

September 15, 2026
Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

Meta : শিশুৰ যৌন নিৰ্যাতন থকা যিকোনো কনটেণ্টৰ বিষয়ে মেটাই আৰক্ষীক জনাব, কঠোৰ ব্যৱস্থা আৰম্ভ কৰাৰ সিদ্ধান্ত

September 15, 2026
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d