ASSAM TIMES POST
নগাঁওঃ অসমীয়া ভাষাৰ মাহেকীয়া বাৰ্তালোচনী ৰণাংগনে চলিত বৰ্ষৰ পৰা আৰম্ভ কৰিছে ‘ৰণাংগন সন্মান’ প্ৰদানৰ ব্যৱস্থা। আজি নগাঁও চহৰৰ মাহেকীয়া বাৰ্তালোচনী ৰণাংগনে এই কথা ঘোষণা কৰিছে। ৰণাংগন বাৰ্তালোচনী প্ৰকাশন গোষ্ঠীটোৱে প্ৰতি বছৰে অসমৰ সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াই অহা বৰেণ্য ব্যক্তি একোজনক প্ৰদান কৰিব বুলি উল্লেখ কৰে।
প্ৰকাশন গোষ্ঠীটোৱে গঠন কৰি দিয়া ৫ জনীয়া নিৰ্বাচক মণ্ডলীয়ে প্ৰথমবাৰৰ ‘ৰণাংগন সন্মান’ৰ বাবে নিৰ্বাচন কৰিছে প্ৰসিদ্ধ সাহিত্যিক-সাংবাদিক , কেইবাটাও প্ৰজন্মক নিজস্ব চিন্তা-চেতনাৰে উদ্বুদ্ধ কৰি ৰখা হোমেন বৰগোহাঞিক। পিতা-পুত্ৰ, হালধীয়া চৰায়ে বাওধান খায়, কুশীলৱ, সাউদৰ পুতেকে নাও মেলি যায়, অস্তৰাগ, সুবালা, হৈমন্তী (কাব্যগ্ৰন্থ), আত্মানুসন্ধান, বিভিন্ন নৰক, মৎস্যগন্ধা, ধুমুহা আৰু ৰামধেনু, মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ (আত্মজীৱনী) আদি বহু গ্ৰন্থৰ প্ৰণেতা আৰু নীলাচল, নাগৰিক, সূত্ৰধাৰ, সাতসৰী, আমাৰ অসম, নিয়মীয়া বাৰ্তা আদি কাকত-আলোচনীৰ সম্পাদকৰ দায়িত্ব পালন কৰি অহা হোমেন বৰগোহাঞিক অহা ৬ ব’হাগ ( ১৯ এপ্ৰিল) ত গুৱাহাটীৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ’ব বুলি জানিব দিয়ে।
এই অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী আৰু প্ৰসিদ্ধ সাহিত্যিক ড° লক্ষ্মীনন্দন বৰা। উল্লেখ্য, ১২ বছৰ পূৰ্বে অতি সাধাৰণ প্ৰস্তুতিৰে আৰম্ভ কৰা ‘ৰণাংগন’ সাপ্তাহিকৰ ৰূপ এৰি সম্প্ৰতি মাহেকীয়া বাৰ্তালোচনীলৈ ৰূপান্তৰিত হয়। এই বঁটাত আছে এটি স্মাৰক, এখন প্ৰশস্তি পত্ৰ, শৰাই, অংগবস্ত্ৰ আৰু ১০ হেজাৰ টকা। প্ৰতি বছৰে অসমীয়া নৱবৰ্ষৰ প্ৰথম মাহ, ব’হাগত এই সন্মান প্ৰদান কৰা হ’ব বুলি ৰণাংগনৰ সম্পাদক মিণ্টু দাস আৰু পৰিচালন সম্পাদক সঞ্জীৱ বৰাই জানিবলৈ দিয়ে ।













