ASSAM TIMES POST
নগাঁওঃ নেতাজী সুভাষ চন্দ্র বসুৰ জন্মদিনত নগাঁৱৰ বেচৰকাৰী খণ্ডৰ অগ্ৰণী বিদ্যালয় ৰামানুজন মাধ্যমিক বিদ্যালয়ত আজি ভাৰতবর্ষৰ মহান স্বাধীনতা সংগ্রামীগৰাকীক স্মৰণ কৰা হয়। আজি পুৱা বিদ্যালয়খনৰ অধ্যক্ষ দিলীপ বৰা, উপাধ্যক্ষা সংগীতা সংগীতা বৰুৱা বৰা, শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে নেতাজীৰ প্ৰতিচ্ছবিৰ বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি,শ্ৰদ্ধা নিবেদন কৰে ।
বিদ্যালয়খনৰ শিক্ষক – শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে নেতাজীৰ জীৱন-দৰ্শনৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায়।আনহাতে উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান বিভাগত সৰ্বভাৰতীয় পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত ফেৰ মাৰিব পৰাকৈ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুত কৰাৰ বাবে শিক্ষা প্ৰতিষ্ঠানখনত আয়োজন কৰা বৰ্ষজোৰা ম’ক টেষ্টৰ ফলাফল আৰু বঁটা বিতৰণী সভাও আজি অনুষ্ঠিত হয়।
বিগত বৰ্ষত অনুষ্ঠিত হোৱা ম’ক টেষ্টৰ বিজ্ঞান শাখাৰ ফলাফলত চিকিৎসা বিজ্ঞানত প্ৰথম স্থানত চিন্ময় নাথ ,দ্বিতীয় স্হানত মনিৰুল ইছলাম ,অভিযান্ত্ৰিকত প্ৰথম স্থানত আশিষ কুমাৰ গাৰ্গ, দ্বিতীয় স্হানত উৎপল ৰাজ কেম্প্ৰাই আৰু কলা শাখাৰ প্ৰথম স্থানত প্ৰিয়ানুপম খাটনিয়াৰ, দ্বিতীয় স্হানত প্ৰদ্দুণ্য পল শইকীয়াই বঁটা লাভ কৰে। বঁটা প্ৰদান অনুষ্ঠানত অংশগ্রহণ কৰি বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই সফলতাৰ বাবে কঠোৰ পৰিশ্রম আৰু অধ্যৱসায়ৰ প্ৰয়োজন বুলি মন্তব্য কৰি ছাত্ৰ- ছাত্ৰী সকলক লক্ষ্যত উপনীত হবৰ বাবে একাগ্ৰতাৰে অধ্যয়নত ব্ৰতী হবলৈ আহ্বান জনায় ।
উল্লেখ্য, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত চূড়ান্ত পৰীক্ষা অন্ত পৰাৰ পাচত ৪৫ দিনৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ৰ বিভিন্ন পৰীক্ষা( এন ই ই টি/এ আই আই এম এছ / জে ই ই) প্ৰস্তুত পাঠদান আৰম্ভ হব বুলি কনিষ্ঠ মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।













