ASSAM TIMES POST
নগাঁওঃ গণৰাজ্য দিৱসৰ পূৰ্ৱ-সন্ধ্যা আৰু পৰহিলৈ দুপৰীয়া ৰাষ্ট্ৰীয় চেনেল ডিডি নিউজ যোগে শিল্পী ৰঞ্জন বেজবৰুৱাৰ কণ্ঠত সম্প্ৰচাৰিত হ’ব সংস্কৃত ভাষাত অসমৰ জাতীয় সংগীত ”অ’ মোৰ আপোনাৰ দেশ”।অসম তথা সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰে প্ৰাণৰ সুৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি “অ’ মোৰ আপোনাৰ দেশ”ক জাতীয় জীৱনৰ মহা-প্ৰকাশ আৰু সাংস্কৃতিক বিনিময়ৰ উৎকৃষ্ট মাধ্যমৰূপে গণ্য কৰি শিল্পী বেজবৰুৱাই ইতিমধ্যে ”অহো! আত্মনঃ দেশঃ শোভনঃ” শীৰ্ষক সংস্কৃত অনুবাদটিক শিল্পী অভিষেক ধৰৰ সংগীত-ব্যৱস্থাপনাৰে বাণীবদ্ধ কৰি দিল্লী দূৰদৰ্শনলৈ প্ৰেৰণ কৰিছে। অসম সাহিত্য সভা অনুমোদিত গীতৰ শুদ্ধ পাঠ আৰু স্বৰলিপি অনুসৰণ কৰি পৰিবেশিত গীতটিৰ সংগীতৰ দিশৰ তত্ত্বাৱধায়কৰূপে আছে বিশিষ্ট সংগীত-আলোচক, অনুবাদক কৃষ্ণ দুলাল বৰুৱা। বাণীবন্ধন কৰিছে বেদাশীষ শৰ্মাই।অসমৰ জাতীয় সংগীতটিৰ মৰ্ম আৰু আৱেদন বুজাব পৰাকৈ দৃশ্য ৰূপ দি ডিডি নিউজে কাইলৈ সন্ধ্যা ৭ বজা আৰু পৰহিলৈ গণতন্ত্ৰ দিৱসৰ দুপৰীয়া ১২ বজাত পোনতে ইয়াৰ সম্প্ৰচাৰ কৰিব। উল্লেখযোগ্য যে আকাশবাণী ৰাঁচী কেন্দ্ৰয়ো অন্যান্য দেশপ্ৰেমৰ গীতৰ লগতে সংস্কৃত ভাষ্যসহ এই সংস্কৃত ‘অ’ মোৰ আপোনাৰ দেশ’ সম্প্ৰচাৰ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য , বেজবৰুৱাৰ শেহতীয়া সংস্কৃত শ্ৰব্য চিডি ‘আনন্দিনী’ত অন্তৰ্ভুক্ত এই গীতটি ইতিমধ্যে বিভিন্ন সামাজিক মাধ্যমত বিপুলভাৱে সমাদৃত হৈছে। বিশেষকৈ ২০০৯ চনত গুৱাহাটীত অনুষ্ঠিত লুইত- জিষ্ট্ কমিউনিকেছনৰ ”অ’মোৰ আপোনাৰ দেশ: কৃতজ্ঞতাৰ দিন”, ২০১৩ চনত নগাঁৱত নৱৰূপ জাতীয় বিদ্যালয় আৰু পৰিধি আয়োজিত ”অ’মোৰ আপোনাৰ দেশ: সমন্বয় যাত্ৰা” আৰু এক চনতে শিৱসাগৰৰ পাৰিজাত সংগীত বিদ্যালয় আয়োজিত সাংস্কৃতিক অনুষ্ঠানত এই ৰূপান্তৰটিয়ে ৰাইজক বিশেষভাৱে আকৰ্ষিত কৰিছিল।
দীৰ্ঘদিন ধৰি অসমীয়া তথা ভাৰতীয় সংগীতক সংস্কৃত ভাষাৰ মাধ্যমেৰে নতুন ৰূপে জনপ্ৰিয় কৰাৰ সাধনাত ব্ৰতী শিল্পী ৰঞ্জন বেজবৰুৱাৰ সংস্কৃত ভাষান্তৰে অসমীয়া জাতীয় চেতনাৰ প্ৰাণপুৰুষ আৰু ভাৰতীয় চৈতন্যৰো সমন্বয় সাধক সাহিত্যৰথী বেজবৰুৱাৰ মহান সৃষ্টিক গণৰাজ্য দিৱসত সৰ্বভাৰতীয় শ্ৰোতাৰ সমুখত বলিষ্ঠ ৰূপত তুলি ধৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ।













