ASSAM TIMES POST
ডিব্ৰুগড় : এইবাৰ ‘কা’ৰ বিৰুদ্ধে হাৰ্ট থ্ৰুব জুবিন গাৰ্গৰ এক অভিনৱ প্ৰতিবাদ।এই অভিনব প্ৰতিবাদ আৰম্ভ হ’ব খোদ মুখ্যমন্ত্ৰীৰ গৃহ জিলাতেই।কিন্তু,অবশ্যে শ্লোগানেৰে নহয়, ক্ষোভেৰেও নহয়,এখন সুন্দৰ ফুটবল খেলৰ মাধ্যমেৰে পাছ দি, গল’ দি ‘কা’ৰ বিৰোধীতা কৰিব জুবিনে।
হয়,ফুটবল খেলি ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰোব জুবিন গাৰ্গে।ডিব্ৰুগড়ৰ চৌকিদিঙ্গি খেলপথাৰত এই ফুটবল মেছ অনুষ্ঠিত হ’ব আগন্তুক ২৭ জানুৱাৰীত।কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ হৈ জুবিন গাৰ্গ আৰু সতীৰ্থৰ টীমটোৱে ডিব্ৰুগড়ৰ চৌকিদিঙ্গি খেলপথাৰত নামিব ‘কা’ৰ বিৰুদ্ধে এই ফুটবল মেছ যোগে।ইফালে এই আন্দোলনৰ ধাৰা অব্যাহত ৰাখি অহা ২৮ জানুৱাৰীত ডিগবৈতো ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলি টীমটোৱে আনখন ফুটবল মেছত অংশগ্ৰহণ কৰিব।
ডিব্ৰুগড়ত ৱেক আপ গাইজ ফুটবল ক্লাৱ( Weak up guys FC) দলৰ সৈতে 27 জানুৱাৰীৰ দিনৰ ১:৩০ বজাত প্ৰতিদ্বন্দীতাত নমা দলটোত জুবিনৰ সৈতে গায়ক নীল আকাশ,বাবু বৰুৱা,সংগীত পৰিচালক অজয় ফুকন, গীতিকাৰ শশাংক সমীৰ,গায়ক নেকীবে অংশ ল’ব বুলি জানিব পৰা গৈছে।কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ সাহাৰ্য্যাৰ্থে আয়োজন কৰা এই প্ৰীতি ফুটবল খেললৈ সকলো ৰাইজক নিমন্ত্ৰণ জনাইছে জুবিন গাৰ্গে।













