ASSAM TIMES POST
আছিফ আলি,শিৱসাগৰঃ ১৮৪৫ চনৰ ২৫ জানুৱাৰী তাৰিখে গুৱাহাটীত স্থাপন হৈছিল উত্তৰপূৱৰ প্ৰথমটো গীৰ্জা।শিৱসাগৰ, গুৱাহাটী আৰু নগাঁও বাপ্তিষ্ট মণ্ডলী নামেৰে তিনিটা গীৰ্জা উক্ত দিনা প্ৰতিষ্ঠা লাভ কৰিছিল।শিৱসাগৰত ড০ নাথান ব্ৰাউন,নগাঁৱত ড০ মাইলছ ব্ৰনছন আৰু গুৱাহাটীত চাইৰাচ বাৰ্কাৰে এই তিনি মণ্ডলীৰ গুৰি ধৰিছিল।তেতিয়াৰ পৰা আজিৰ দিনলৈ এই মণ্ডলীয়ে ১৭৫ বছৰ অতিক্ৰম কৰিছে।
১৭৫ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলী শিৱসাগৰে পাঁচ দিনীয়া কাৰ্যসূচী হাতত লৈছে।আজি পতাকা উত্তোলনৰ দ্বাৰা আৰম্ভ কৰা হয় জয়ন্তী উদযাপন।মণ্ডলীৰ সভাপতি দিগন্ত চলিহাই পতাকা উত্তোলন কৰি বৰ্ণাঢ্য কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

শিৱসাগৰ মণ্ডলীৰ সৈতে জড়িত হৈ আছে অসমীয়া ভাষা-সাহিত্যৰ বহু স্মৰণীয় ক্ষণ।আধুনিক অসমীয়া ভাষা প্ৰতিষ্ঠাৰ দিশত প্ৰভুত অৰিহণা আগবঢ়োৱা ড০ নাথান ব্ৰাউন,উইলিয়াম ৱাৰ্ড,অলিভাৰ টি.কট্টাৰ,নিধিলেবী ফাৰৱেল আদি সকল শিৱসাগৰ মণ্ডলীৰ সদস্য আছিল।ব্ৰাউন আছিল এই মণ্ডলীৰ প্ৰথম গৰাকী পাদুৰী।আনহাতে এই সকল লোকৰ প্ৰচেষ্টাত তেতিয়াৰ মিছন প্ৰেছৰ পৰা ১৮৪৬ চনত প্ৰকাশ পাইছিল প্ৰথমখন অসমীয়া সংবাদ পত্ৰ ‘অৰুণোদই’।লগতে তেতিয়াৰ অসমৰ ৰাজাঘৰৰ ভাষা বাংলা ভাষাক প্ৰত্যাহ্বান জনাই এই মিছন প্ৰেছৰ পৰা অসমীয়া ভাষাৰ বহু কাতাপ-পুস্তিকা প্ৰকাশ পাইছিল।
এনে গৌৰৱময় ইতিহাস সামৰি কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলী শিৱসাগৰে আজিৰ পৰা ২৯ জানুৱাৰী তাৰিখলৈ পালন কৰিব ১৭৫ বছৰীয়া জয়ন্তী।উক্ত দিন কেইটাত বিভিন্ন অনুষ্ঠানৰ লগতে ২৮ জানুৱাৰী তাৰিখে “অসমীয়া ভাষা-সাহিত্যিলৈ বাপ্তিষ্ট মিছনেৰীৰ অৱদান” শীৰ্ষক এক বক্তৃতা অনুষ্ঠান অনুস্থিত হ’ব।













