ASSAM TIMES POST
শিৱসাগৰঃ শিৱসাগৰৰ চেৰেকাপাৰত যাত্ৰীবাহী মেজিক আৰু অ’এনজিচিৰ সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ মুখামুখী সংঘৰ্ষত ১২ জন যাত্ৰী আহত হয়৷ চেৰেকাপাৰৰ শনিবৰীয়া বজাৰৰ সন্মুখত এই ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ১২ জন যাত্ৰীৰ ভিতৰত চালকজনো আছে৷
গুৰুতৰভাৱে আহত লোককেইজনৰ ভিতৰত মঙ্গল চন্দ্ৰ ব্ৰহ্ম (৫৬), ইয়াছমীন বেগম (১৯), শান্তনু হাতীমূৰীয়া (২৪), পাপু ভৰালী (৪০), টিংকু ডেকা (৪৫), পূৰবী গগৈ (১৯), হীৰা সাহা (৪০), নৱ হাজৰিকা (৪৪), ৰছিদা বেগম (৩০), উৰ্মিলা সাহা আৰু চুনু ৰাজ৷ উল্লেখ্য যে আহতসকলক স্থানীয় ৰাইজৰ প্ৰচেষ্টাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আৰু ইষ্ট পইণ্ট হাস্পতালত প্ৰাথমিক চিকিৎসা কৰাৰ পাছত ১২ জন আহতকে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে৷
প্ৰাপ্ত বাতৰি মতে এএছ ০৪ বিচি ২০৭০ নম্বৰৰ এখন ট্ৰাক আৰু এএছ ০৪ এচি ৮৫৫৪ নম্বৰৰ এখন মেজিকৰ মাজত হোৱা সংঘৰ্ষত দুৰ্ঘটনাটো সংঘটিত হয়৷ জানিব পৰা মতে শিমলুগুৰিৰ পৰা যাত্ৰী লৈ শিৱসাগৰলৈ আহিছিল মেজিকখন গৈছিল৷ আনহাতে শিৱসাগৰৰ পৰা নাজিৰা অভিমুখী আছিল ট্ৰাকখন৷ ইপিনে, দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকৰ চালক -হেণ্ডিমেনে৷













