ASSAM TIMES POST
আছিফ আলি,শিৱসাগৰঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰতিবছৰে পালন কৰি অহা ৰাষ্ট্ৰীয় ভোটাৰ দিৱস -ৰ দশমটো সংস্কৰণ আজি শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত অত্যন্ত উলহ-মালহেৰে উদযাপন কৰা হয়৷
আজি আয়েজিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদ্বোধন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া ডা: এম. এছ লক্ষ্মীপ্ৰিয়াই৷ তেখেতে ভোটাৰ দিৱস আয়োজন কৰাৰ মুল উদ্দেশ্য আৰু গণতান্ত্ৰিক ব্যৱস্থাত ভোটদানত অংশগ্ৰহণেৰে সুস্থ আৰু সৱল গণতন্ত্ৰ গঢ়ি তোলাৰ ওপৰত আলোকপাত কৰে৷ জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ বিষয় “সবল গণতন্ত্ৰৰ বাবে নিৰ্বাচনী সাক্ষৰতা”ৰ ওপৰত ব্যাখ্যা ডাঙি ধৰাৰ লগতে ভোটাৰৰ সাক্ষৰতাৰ বাবে শিৱসাগৰ জিলাত চলাই থকা কাৰ্যসুচীসমূহৰ ওপৰতো আলোকপাত কৰে৷ উল্লেখযোগ্য যে, ১৯৫০ চনত ভাৰতৰ নিৰ্বাচন আয়োগ গঠন হোৱা দিনটোকে গত ২০১১ চনৰপৰা ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাবে পালন কৰি অহা হৈছে৷ আজিৰ অনুষ্ঠানত বিশিষ্ট স্বাধিনতা সংগ্ৰামী খনিৰাম মিলি, দুই অতিৰিক্ত উপায়ুক্ত ক্ৰমে বিদিত দাস আৰু দিলীপ টেৰাঙ আৰু ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া তথা অতিৰিক্ত আয়ুক্ত মনিষা কলিতা উপস্থিত থাকে।

দিখৌমুখ কলেজৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা জিলা পৰ্যায়ৰ ভোটাৰ সজাগতাৰ সমল ব্যক্তি ড০ প্ৰতিম শৰ্মাই এইবছৰৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ মুল বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে৷ তেখেতে জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা লোৱা বিশেষ কাৰ্যসুচীৰ বাবেই বিগত নিৰ্বাচনত অভিলেখ সংখ্যাত ভোটদান হোৱাৰ বিষয়ে জানিবলৈ দিয়ে আৰু নতুন ভোটাৰক ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানটিত ভোটাৰৰ সংকল্প পাঠ কৰোৱায় নিৰ্বাচনী শাখাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত বিদিত দাসে৷ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা কুইজ তথা ৰচনা প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ মাজত বঁটা বিতৰণ কৰাৰ লগতে যোৱা বছৰটোত নিৰ্বাচনী পঞ্জীয়নৰ লগতে বিভিন্ন দায়িত্ব সুচাৰুৰূপে পালন কৰা বিভিন্ন পৰ্যায়ৰ বিষয়াৰ মাজত প্ৰশংসাপত্ৰ প্ৰদান কৰা হয়৷ এই অনুষ্ঠানতে ১৮ বছৰ সম্পূৰ্ণ হোৱা নতুন ভোটাৰসকলক প্ৰমাণপত্ৰ আৰু বেজ প্ৰদান কৰা হয়৷ অনুষ্ঠানটোত ভোটাৰ সজাগতাৰ সন্দৰ্ভত আয়োজন কৰা নৃত্য আৰু নাটকে সকলোকে আকৰ্ষিত কৰে৷













