ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ সমগ্ৰ দেশৰ লগতে আজি বোকাখাত মহকুমাতো কেন্দ্ৰীয় ভাবে উদযাপন কৰা হয়৭১ সংখ্যক গণতন্ত্ৰ দিৱস। পুৱা প্ৰভাত ফেৰিৰে দিনটোৰ আৰম্ভণি হয়। দেশপ্ৰেম মূলক গীত পৰিৱেশন কৰাৰ পাছতে মহকুমাধিপতি কাৰ্যালয়ত থকা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আৰু ছহিদ কমলা মিৰি উদ্যোগত থকা আৱক্ষ মূৰ্তিত মাল্য অৰ্পণ কৰা হয়। ৯ বজাত বোকাখাতৰ ৰাজহুৱা খেল পথাৰত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যমে । সমবেত ৰাইজক উদ্দেশ্যি দিয়া ভাষনত মহকুমাধিপতি গৰাকীয়ে ৰাজ্য তথা মহকুমাটোৰ সামগ্ৰিক খতিয়ান দাঙি ধৰে।
বোকাখাতৰ আৰক্ষীৰ পৰা অভিবাদন গ্ৰহনৰ লগে লগে বোকাখাতৰ বিভিন্ন বিদ্যালয়ৰ আৰু আৰক্ষী, বন বিভাগৰ কুচকাৱাজ প্ৰদৰ্শন কৰে। সাংস্কৃতিক কাৰ্যসূচীৰ লগতে বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে বোকাখাতৰ প্ৰায় ত্ৰিশ ব্যক্তি অনুষ্ঠানলৈ সম্বৰ্ধনা জনোৱা হয়। কৃষিৰ ক্ষেত্ৰত গৌতম বৰা আৰু চন্দন চুব্বা, যুৱ উদ্যোগী শৰৎৰঞ্জন শৰ্মা, ক্ৰীড়াৰ বাবে পদ্ম কেশৰ ছেত্ৰী আৰু ডঃ পুলিন বৰকটকী, প্ৰবীন ঢুলীয়া শিল্পী দেবেন গগৈ, সাংবাদিকতাৰ বাবে ৰীণা কটকী, সাঁতোৰৰ বাবে বিক্ৰম চাংমাই আৰু ভাবনা গগৈ , নৃত্যৰ বাবে নিকিতা বৰা,শিক্ষাবিদ গোবিন চন্দ্ৰ দলে, সমাজকৰ্মী নিলিমা ৰাজখোৱা, জগত বাহাদুৰ ছেত্ৰী, নিজৰা বৰা, সুখ দত্ত শইকীয়া, সাংস্কৃতিক কৰ্মী হিচাপে ললিত চন্দ্ৰ দাস, ৰাজকুমাৰ ঠাকুৰ, ৰাজাৰাম ৰবিদাস আৰু দুলাল ডেকা, স্বাস্থ্যকৰ্মী দিলীপ দাস, বয়োজ্যেষ্ঠ ব্যক্তি ক্ৰমে ধুলেশ্বৰ পেগু, বনো হাজৰিকা আৰু মাধৱ চন্দ্ৰ নাথ, সাহিত্য ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে গুৱাহাটীৰ প্ৰতিস্থিত দুই বোকাখাতৰ সন্তান অপূ ভৰদ্বাজ আৰু মনোৰঞ্জন বড়িক সম্বৰ্ধনা জনোৱা হয়। আনহাতে ডোমজান , যোগীগাওঁ আৰু সাপজুৰী গাওঁৰক্ষী বাহিনীলৈ বিশেষ সম্বৰ্ধনা জনোৱা হয়।
ইয়াৰোপৰি বোকাখাতৰ চিকিৎসালয়ৰ ৰোগী , অনাথ আশ্ৰমত আৰু বিকলাঙ্গ কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী ৰ মাজত ফলমূল বিতৰণ কৰা হয়। বিয়লি বোকাখাতৰ ৰাজহুৱা খেল পথাৰত বোকাখাত মহকুমা প্ৰশাসন আৰু বোকাখাত জিলা ক্ৰীড়া সন্থাৰ মাজত প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়। কুচকাৱাজ প্ৰতিযোগিতাত বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰথম, খ্ৰীষ্টজ্যোতি হাইস্কুল দ্বিতীয় আৰু বোকাখাত টাউন হাইস্কুলে তৃতীয় স্থান দখল কৰে। আজিৰ অনুষ্ঠানটোৰ আঁত ধৰে জিতু শৰ্মা ৰাজখোৱা, গীতাঞ্জলী কলিতা আৰু ৰূপজ্যোতি ভড়ালীয়ে। অনুষ্ঠানত চক্ৰ বিষয়া খনিন দাস , মহকুমা আৰক্ষী বিষয়া ডাঃ কল্যান কুমাৰ দাস, তথ্য আৰু জনসংযোগ বিষয়া মামুন বৰকটকী, নিৰ্বাচনী বিষয়া নিতিশা বৰা , সহকাৰী আয়ুক্ত ৰণনময় ভৰদ্বাজ আৰু শান্তনু গগৈ প্ৰমূখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।












