
শুকুৰবাৰে বিয়লি প্ৰায় ৩ বজাত পুৰণা লাহৰিজানৰ ৬ মাইলত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ সন্দেহযুক্ত হেৰইন সহ আটক হয় দুই সৰবৰাহকাৰী (Drug Seized) ৷ আৰক্ষীৰ সূত্ৰে প্ৰাপ্ত খবৰ অনুসৰি শকুৰবাৰে বিয়লি ডিলাই থানাৰ অন্তৰ্গত পুৰণা লাহৰিজানৰ ২৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ছয়মাইলত আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত উদ্ধাৰ হয় কানিখিনি ৷

ডিমাপুৰৰ দিশৰ পৰা আহি থকা ১২ চকীয়া HP20H7866 পঞ্জীয়ন নম্বৰৰ ট্ৰাকত তালাচী চলাওতে ট্ৰাকখনৰ চালকৰ আসনৰ পিছফালে গোপন চেম্বাৰ সাজি লুকুৱাই অনা অৱস্থাত ১৬ পেকেট সন্দেহযুক্ত কানি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কানিখিনিৰ ওজন ১৬ কেজি ২২০ গ্ৰাম ৷ কানি খিনি সৰবৰাহৰ লগত জড়িত ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেন ক্ৰমে, হিমাচল প্ৰদেশৰ সুখিন্দৰ সিঙ আৰু মধ্যপ্ৰদেশৰ প্ৰেম নাৰায়ন চামাৰক আটক কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
ডিলাই থানাৰ অচি আকাশ গগৈৰ নেতৃত্বত থানা ষ্টাফৰ সহযোগত চলিছিল নাকা তালাচী অভিযান ৷ আনহাতে মহকুমা আৰক্ষী বিষয়াৰ প্ৰত্যক্ষ তত্বাৱধনাত নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে কানি খিনি জব্দ কৰা হয় বুলি জানিব পৰা গৈছে ৷













