
সোমবাৰে সন্ধিয়া প্ৰায় চাৰে ছয় বজাত খটখটীত আৰক্ষীৰ অভিযানত বুজন পৰিমানৰ হেৰইন উদ্ধাৰ কৰাৰ লগতে ৪ জনী মহিলাৰ সৈতে এজন পুৰুষ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় খটখটী আৰক্ষী ৷

প্ৰাপ্ত খবৰ অনুসৰি আজি সন্ধিয়া খটখটী ষ্টেট বেংকৰ সন্মূখত আৰক্ষীৰ নিয়মীয়া নাকা তালাচী কালত AS06 AD 8818 স্কৰপিঅ এছ 7 বাহনৰ পৰা ১৫ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ১৫৭ ‘ ৭৭ গ্ৰাম সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰাৰ লগতে নগদ এক লাখ ৮২ হাজাৰ পাঁচশ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷
হেৰইনথিনি বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্ম আৰু নিৰপেক্ষে সাক্ষী গণৰ সাক্ষাতে জব্দ কৰি হেৰইন খিনি সৰবৰাহৰ লগত জড়িত ৪ জনী মহিলা আৰু এজন পুৰুষক আটক কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ নাকা তালাচীটোৰ নেতৃত্ব দিছিল খটখটী থানাৰ অচি নিতুল শইকীয়াই ৷ তেওঁক সহযোগ কৰিছিল এছ আই জিতুমনি শইকীয়া, বিমান চেতিয়া, অমৰজ্যোতি শৰ্মা আৰু থানা ষ্টাফে ৷













