![]()
আজি পুৱা খটখটী আৰক্ষী থানাৰ অধীনৰ কাৰাগাওঁ নাকা তালাচীত নিয়া তালাচী অভিযানত বৃহৎ পৰিমানৰ কানি জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ডিমাপুৰ দিশৰ পৰা ডিলাই দিশলৈ আহি থকা এখন ট্ৰাক AS01NC 4927ত চলোৱা তালাচী কালত কৌশলেৰে চেম্বাৰ বনাই লুকুৱাই অনা অৱস্থাত ১৮ টা পেকেটত মুঠ ১৮’৬০৮ কেজি সন্দেহযুক্ত কানি জব্দ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে ততালিকে বাক্সা জিলাৰ বৰবাৰী থানাৰ অন্তৰ্গত খগ্ৰাবাৰী গাঁৱৰ বিজয় ব্ৰক্ষ্ম (২৬) নামৰ চালক গৰাকীক গ্ৰেপ্তাৰ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোছৰ ৰুজোদি অধিক তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷













