
শুকুৰবাৰে পুৱা প্ৰায় ৯ বজাত বোকাজান ৰেল ষ্টেছনত উজনিমুৱা ইন্টাৰচিটি ৰেলত পইণ্ট টু টু পিষ্টলৰ গুলিসহ ৰেল আৰক্ষীৰ জালত পৰে প্ৰাক্তন ভাৰতীয় সেনা জোৱান ৷ আৰক্ষীয়ে প্ৰাক্তন সেনা জোৱানগৰাকীৰ পৰা উদ্ধাৰ কৰা হৈছে এশ ৰাউণ্ড পইণ্ট টু টু পিষ্টলৰ গুলি৷

ডিমাপুৰৰ পৰা তিনিচুকীয়াৰ লিডুলৈ ৰেলযোগে গুলিসমূহ সৰবৰাহৰ চেষ্টা কৰিছিল প্ৰাক্তন সেনা জোৱান জনে ।গুলিসহ ৰেলৱে আৰক্ষীয়ে আটক প্ৰাক্তন সেনা জোৱান জন ডিমাপুৰৰ নাওলি কৈনাক বুলি জানিব পৰা গৈছে ।













