
আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ দিনাই বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ বাজি ৩০ মিনিটত কাৰ্বি আংলং জিলাৰ উত্তৰ বড়বিলৰ নতুন বজাৰত বিদ্যুৎ পৃষ্ট হৈ এগৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু হোৱাৰ বাতৰিয়ে অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ মৃত শ্ৰমিকজন লংকাৰ ভালুকমাৰিৰ সঞ্জয় নাথ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে AS 01 JC 1837 নম্বৰৰ ট্ৰাক খনত চাউলৰ লোড কৰি তেৰপাল বান্ধি থকাৰ সময়ত ১১ হাজাৰ ভল্ট বিদ্যুৎ তাৰত লাগি মৃত্যু হয় সজ্ঞয় নাথ নামৰ লোকজন৷
লক্ষেস্বৰ দাস নামৰ ব্যক্তিৰ ৰাইচ মিলৰ পৰা ট্ৰাক খনত চাউলৰ লোড কৰি থাকোতে এই ভয়ংকৰ কাণ্ড । ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ৷













