![]()
প্ৰতিবছৰৰ দৰে এইবছৰো সমগ্ৰ দেশৰ লগত সংগতি ৰাখি অল কাৰ্বি আংলং বিল্ডিং এন্ড আদাৰ্চ কনষ্ট্ৰাকছন ৱৰ্কাচ এণ্ড কনষ্টাকছন ৱৰ্কাচ ইউনিয়নে আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন কৰে। সন্থাৰ ডিফুস্থিত কেন্দ্ৰীয় কাৰ্য্যালয়ত সন্থাৰ ৰাষ্ট্ৰপতকা উত্তোলন কৰে সভাপতি দিলীপ ৰিলিঙে।
পতাকা উত্তোলনৰ পিছতে উপসভাপতি প্ৰতিৰাজা বাৰভূঞাই শ্ৰমিক ঐক্য জিন্দাবাদ, কাৰ্বি আংলং শ্ৰমিক সন্থা জিন্দাবাদ আজি বৰ শ্ল’গান দিয়ে। ইয়াৰ পিছত শ্বহীদ ওপনিৰ অন্তত অঞ্চলৰ অংশ সমগ্ৰ সন্থাৰ কেক কাটি শ্ৰমিক দিৱসটি উদযাপন কৰা হয়।
সন্থাৰ কাৰ্য্যালয় প্ৰাংগনত এখনি সভাৰ আয়োজন কৰা হয়। সন্থাৰ সভাপতি দিলীপ ৰিলিঙৰ পৌৰিহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে। সন্থাৰ সাধাৰণ সম্পাদক আছমত আলিয়ে উক্ত সভাত উপস্থিত থাকে জিলা ন্যায় সেৱা প্ৰাবিকৰণৰ আইনী সহায়ক অধিবক্তা শ্যামন শীল আৰু ৰাজা আলিৰ লগতে ডিএলএছএৰ ফ্ৰন্ট অফিচ কোঅৰ্ডিনেটৰ বিৰছিং তেৰাঙ ৷














