
সোমবাৰে নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সীমান্তত যুদ্ধবিৰতি থকাৰ পাছতো পাকিস্তানী সেনাই অবিৰত আক্ৰমণৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিবলৈ ওলাইছে বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দুৰ’ৰ পিছত এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম ৰাজহুৱা ভাষণ।
শনিবাৰে ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰে।

ইয়াৰ পিছতে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সংবাদমেল অনুষ্ঠিত কৰি কয় যে শনিবাৰে ভাৰত আৰু পাকিস্তানী সেনাবাহিনীৰ সামৰিক অভিযান সঞ্চালক প্ৰধানৰ মাজত আলোচনা হৈছে, যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে।
কিন্তু এই বৈঠকৰ পৰিৱৰ্তে সোমবাৰে নিৰ্ধাৰিত সময়ৰ কিছু সময়ৰ পাছতে ভাৰতীয় সেনাৰ ডি জি এম অ’ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই আৰু পাকিস্তান সেনাৰ ডি জি এম অ’ কাচিফ আব্দুল্লাই হটলাইনত ভাষণ দিয়ে।উল্লেখ্য যে ২২ এপ্ৰিলৰ পহেলগাম হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া স্বৰূপে ৬ মে’ৰ গভীৰ নিশা ‘অপাৰেচন সিন্দুৰ’ত পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দাবী কৰে যে এই অভিযানত এশৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে। ইয়াৰ পিছত এল অ’ চি আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হয়।










