ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাত ৰাজ্যিক বাছ আস্থানৰ সমীপত আজি পুৱা পৰিত্যক্ত অৱস্থাত এখন এ এছ ০১ কে চি ২৪৬২ নম্বৰৰ কে- ১০ এল্ট’ গাড়ী উদ্ধাৰ হয়৷ গৰাকী বিহীন গাড়ীখনক লৈ সৃষ্টি হয় চাঞ্চল্য আৰু চালক বিহীন গাড়ীখন প্ৰত্যক্ষ কৰি স্থানীয় লোকে বোকাখাত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে গাড়ীখন বোকাখাত থানালৈ লৈ যায় আৰু চালকৰ সন্ধান কৰে যদিও কোনো সম্ভেদ নাপাই গাড়ীৰ মালিকলৈ ফোন কৰে ৷ গাড়ীৰ মালিকে শনিবাৰৰ বিয়লি ৪ মান বজাত গাড়ী চালক আজিজুৰ ৰহমানৰ সৈতে জালুকবাৰীত তিনিজন যুৱকে কথা পাতি তেজপুৰ বিশ্ববিদ্যালয়লৈ যাও বুলি ভাড়া কৰি লৈ আনে৷ নিশা ১১ মান বজালৈকে চালক আজিজুৰৰ সৈতে টেলিফোনত কথা পতাৰ কথা জনায় গাড়ীৰ মালিকে৷ এঘাৰ বজাৰ পাচত দুবাৰকৈ ফোন কৰি আজিজুৰৰ সলনি অন্য ব্যক্তিয়ে হে ফোন ৰিচিভ কৰি ফোন অফ কৰি দিয়ে৷ ইয়াৰ পাচৰে পৰাই সন্ধানহীন হৈ আছে গাড়ীখনৰ চালক আজিজুৰ ৰহমান৷ ইফালে তেওঁ চলোৱা গাড়ীখন পৰত্যক্ত অৱস্থাত উদ্ধাৰ হয় বোকাখাতত৷ পৰিতক্ত গাড়ীখনৰ পৰা আৰক্ষীয়ে দুমুঠা প্লাষ্টিকৰ ৰছী আৰু কিছু কাপোৰ উদ্ধাৰ কৰিছে ৷ ঘটনাৰ সৈতে গাড়ী চুৰি চক্ৰ জড়িত থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷ ঘটনা সন্দৰ্ভত এক গোচৰ ৰজু কৰি সন্ধানহীন চালক আজিজুৰ ৰহমানৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বোকাখাত আৰক্ষীয়ে৷













