ASSAM TIMES POST
নগাঁওঃ এটা নহয় দুটা নহয় নগাঁৱত একেলগে তিনিটাকৈ সন্তান জন্ম দিলে মৰিগাঁৱৰ এগৰাকী মহিলাই। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ পূজা চৌহান নামৰ বিশ বছৰীয়া প্ৰসূতিগৰাকী এই বিৰল কৃতিত্বৰ অধিকাৰী হৈছে। কালি সন্ধিয়া প্ৰসৱজনিত কাৰণত মহিলা গৰাকীক পৰিয়ালৰ লোকে ভৰ্ত্তি কৰাইছিল নগাঁৱৰ এ জে হস্পিতাল নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত।
নিশা প্ৰায় ১১:৩০ বজাত সম্পন্ন হোৱা অস্ত্ৰোপচাৰৰ জৰিয়তে ডাঃ প্ৰাঞ্জল বৰা নামৰ চিকিৎসক গৰাকীয়ে প্ৰসূতি গৰাকীৰ তিনিটাকৈ কন্যা সন্তানৰ জন্ম হয়। একে সময়তে তিনি সন্তানৰ মাতৃত্বৰ গৌৰৱৰ অধিকাৰিনীৰ নাম পূজা চৌহান। মহিলা গৰাকীৰ স্বামীৰ নাম বসন্ত চৌহান।
তেওঁলোকৰ ঘৰ মৰিগাঁও জিলাৰ ভুৰাগাঁৱৰ লেঙৰি বৰি গাঁৱত। এই খবৰে পৰিয়ালটোলৈ আনন্দৰ বন্যা বোৱাই আনিছে। ইপিনে , মাতৃ সহিতে তিনিওটি সন্তানেই সম্পূৰ্ণ সুস্থ বুলি চিকিৎসালয় সূত্ৰে জানিব পৰা গৈছে ।













