ASSAM TIMES POST
নগাঁওঃ নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত নগাঁও চহৰৰ চিলাৰায় ভৱনথ বীৰ চিলাৰায় স্মৃতি দিৱস আজি উদযাপন কৰা হয়। পুৱা চিলাৰায়ৰ প্ৰতি মুৰ্তিত সন্মিলনীৰ মহিলা মৰ্চাৰ সম্পাদিকা মনি লস্কৰে পতাকা উত্তোলন কৰে সন্মিলনীৰ জিলা সভাপতি দিপক বৰাই। বন্তি প্ৰজ্বলন কৰে মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰভা ডেকাই। এই উপলক্ষে অনুষ্ঠিত সভাত সন্মিলনীৰ জিলা সম্পাদক প্ৰভাত বৰাকে ধৰি কেবাজনো ব্যক্তিয়ে ভাষণ প্ৰদান কৰি সকলোকে চিলাৰায়ৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়।













