ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ আজিৰে পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ৩,৫৮,৪৪৬ গৰাকী
পৰীক্ষার্থীৰ সতে বহিত পৰীক্ষাত বহিব
নােৱাৰিলে বোকাখাতৰ দ্বিতীয় পৰঙনীয়া গাঁৱৰ এগৰাকী মেধাসম্পন্ন ছাত্রীয়ে।
কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই ছাত্রী গৰাকী পৰীক্ষাৰ বাবে নিশা পট়ি থকা অৱস্থাত ২১ জানুৱাৰীৰ পৰা নিখোঁজ হৈ আছে। ইফালে পৰিয়ালৰ লােকে সেই নিশাই বোকাখাতৰ আৰক্ষীক এজাহাৰ দাখিল কৰিছিল যদিও যােৱা এটা মাহত নাবালিকা ছাত্রী গৰাকীক উদ্ধাৰ কৰি পৰীক্ষাত বহিব পৰাকৈ পৰিয়ালক চমজাই দিব নোৱাৰিলে।
ছাত্রী গৰাকীক অপহৰণত সহায় কৰা এজন যুৱকক আৰক্ষীয়ে আটক কৰে যদিও পাছত এৰি দিয়ে। ছাত্রী গৰাকীৰ মাতৃয়ে জনােৱা মতে বিজয় দাস নামৰ এজন যুৱকে ছাত্রী গৰাকীক পূর্বেও ভাবুকি দিছিল, যাৰ বাবে যুৱক জনৰ বিৰুদ্ধে ২০১৮ চনত এজাহাৰ দাখিল কৰিছিল।
ইফালে যুৱক জনক বিচাৰি তেওঁৰ পিতৃক থানাত আবদ্ধ কৰি গাঁৱৰ একাংশ লােকে ৩১ জানুৱাৰীত ছাত্রী গৰাকীক চমজাই দি পৰীক্ষাত বহাৰ সুবিধা কৰি দিয়াৰ কথা আছিল যদিও সেইয়াও হৈ নুঠিল। উল্লেখ্য যে ছাত্রী গৰাকী কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেধা ছাত্রী। ইংৰাজী বিষয়ত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্র ছাত্রীৰ মাজত জিলাৰ ভিতৰত সর্বোচ্চ নম্বৰৰ বাবে পুৰস্কৃত হৈছিল। ইংৰাজী, সমাজ বিজ্ঞানত সর্বোচ্চ নম্বৰ লাভ কৰা ছাত্রী গৰাকীয়ে কমলেশ্বৰ ৰাজখােৱা ফাউন্ডেশনৰ দ্বাৰা পুৰস্কৃতও হৈছিল।












