
বিহাৰত প্ৰাৰ্থীৰ (Bihar Election) হৈ প্ৰচাৰ চলাই নিহত প্ৰশান্ত কিশোৰৰ দল জন সূৰয পাৰ্টীৰ এজন সমৰ্থক। তেওঁ দলৰ প্ৰাৰ্থীৰ প্ৰচাৰ অনুষ্ঠানত যোগদান কৰিছিল। বাটত আন এটা ৰাজনৈতিক দলৰ সমৰ্থকৰ সৈতে জে এছ পি সমৰ্থকৰ সংঘৰ্ষ হয়।

অভিযোগ অনুসৰি, বিৰোধী শিবিৰৰ পৰা জে এছ পি সমৰ্থকক গুলীচালনা কৰা হয়। এই ঘটনাত এজন লোকৰ মৃত্যু হয়। এই ঘটনাত পি কেৰ দলে শাসকীয় জে ডি ইউলৈ আঙুলিয়াইছে। অৱশ্যে তেওঁলোকে এই অভিযোগ অস্বীকাৰ কৰিছে।
নিহত লোকজনৰ নাম দুলাৰচান্দ যাদৱ। বৃহস্পতিবাৰে পাটনাৰ মকামা বিধানসভা সমষ্টিত জন সূৰয পাৰ্টীৰ প্ৰাৰ্থী প্ৰিয়দৰ্শী পীয়ুষৰ সমৰ্থনত আয়োজন কৰা প্ৰচাৰ অনুষ্ঠানত যোগদান কৰিছিল তেওঁ। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, জন সূৰয পাৰ্টী আৰু জে ডি ইউৰ সমদল মুখামুখি হোৱাত সংঘৰ্ষৰ সৃষ্টি হয়।
দুয়োটা দলৰ সমৰ্থকে ইজনে সিজনক গালি-গালাজ কৰে। ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে। এই সংঘৰ্ষত গুলীচালনা কৰা হয়। দুলাৰচান্দক গুলীয়াই হত্যা কৰা হয়। তেওঁৰ মৃতদেহ এতিয়াও আৰক্ষীক গতাই দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে।
পাটনাৰ এছ এছ চি কাৰ্তিকেয়া কে শৰ্মাই সংবাদ সংস্থা পিটিআইক জনাইছে, “মোকামা তাল অঞ্চলত এজন প্ৰাৰ্থীৰ সমৰ্থকৰ মৃত্যু হোৱাৰ তথ্য আমি পাইছো। কিন্তু মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। মৃতদেহটো আৰক্ষীক গতাই দিয়া হোৱা নাই। আকস্মিক মৃত্যু হৈছে নে গুলীৰ আঘাতত মৃত্যু হৈছে, মৃতদেহটো পোৱাৰ পিছত আমি গম পাম।”
ইফালে ঘটনাৰ পিছতে অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হৈছে। জন সূৰয পাৰ্টীৰ সভাপতি মনোজ ভাৰতীয়ে কয়, “এই ঘটনা জংগলৰাজৰ ভাবুকি দি ভোট লাভ কৰিব বিচৰাসকলৰ বাবে। এয়া গণতান্ত্ৰিক অধিকাৰৰ আক্ৰমণ। আমাৰ মোকামা প্ৰাৰ্থীৰ কনভয়ত আক্ৰমণ আৰু তেওঁৰ সমৰ্থকৰ মৃত্যুৰ তীব্ৰ প্ৰতিবাদ আমি প্ৰকাশ কৰিছো।”
লগতে তেওঁ কয়, “সকলো দলৰ প্ৰচাৰৰ অধিকাৰ আছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিৰোধী দলক আক্ৰমণ আৰু গুলীচালনা কৰাটো এক জঘন্য অপৰাধ।”










