ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ
শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা আয়োজিত ২০২০ বৰ্ষৰ যোৰহাট বিভাগৰ নৈতিক আৰু আধ্যাত্মিক বিষয়ৰ কৰ্মশালাখনি যোৱা ৮ আৰু ৯ ফেব্ৰুৱাৰী তাৰিখে তেলগৰম শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈ যায়। এই কৰ্মশালাত যোৰহাট বিভাগৰ পাঁচটা সংকুলৰ মুঠ ৩৮ গৰাকী আচাৰ্য-আচাৰ্যাই অংশ গ্ৰহণ কৰে। যোৱা ৮ ফেব্ৰুৱাৰীত দুপৰীয়া দুই বজাত আৰম্ভ হোৱা কৰ্মশালাত বন্তি প্ৰজ্বলন কৰে তেলগৰম শংকৰদেৱ শিশু নিকেতন বিদ্যালয় পৰিচালনা সমিতিৰ উপ-সভাপতি অঞ্জন কুমাৰ বৰদলৈয়ে।

আচাৰ্য-আচাৰ্যাৰ সমূহীয়া বন্দনাৰে আৰম্ভ হোৱা কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে যোৰহাট বিভাগৰ নৈতিক আৰু আধ্যাত্মিক বিষয়ৰ প্ৰমুখ চন্দন গোস্বামী, শিশু শিক্ষা সমিতি, অসমৰ অসম প্ৰকাশন ভাৰতীৰ সচিব ড° বিবেকানন্দ শৰ্মা আৰু নিকেতন পৰিচালনা সমিতিৰ সদস্য ভূপেন শইকীয়া। কৰ্মশালাত ড° বিবেকানন্দ শৰ্মা, চন্দন গোস্বামী আৰু দেৰগাঁও শংকৰদেৱ শিশু নিকেতনৰ উপ প্ৰধান আচাৰ্য ত্ৰিদীৱ গন্ধীয়াই নৈতিক আৰু আধ্যাত্মিক বিষয়ৰ মাৰ্গ দৰ্শন কৰে।
বিদ্যাভাৰতীৰ আধাৰিভূত বিষয়ৰ নৈতিক আৰু আধ্যাত্মিক বিষয়ৰ কৰ্মশালাখন ৯ ফেব্ৰুৱাৰীৰ দিনৰ দুই বজাত অন্ত পৰে। সামৰণি অনুষ্ঠানত নিকেতন পৰিচালনা সমিতিৰ সভাপতি লক্ষ্যজিৎ ঠেঙালৰ লগতে গোলাঘাট বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা মণিমালা গগৈয়ে উপস্থিত থাকি নৈতিক আৰু আধ্যাত্মিক বিষয়ত বক্তব্য ৰাখে। তেলগৰম নিকেতনৰ প্ৰধান আচাৰ্যা ৰুমাৰাণী শইকীয়াই আগবঢ়োৱা শলাগৰ শৰাই আৰু শান্তি পাঠেৰে কৰ্মশালাৰ সামৰণি পৰে।













