সনাতন হিন্দু ধৰ্মই মানুহক প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলে : মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
ASSAM TIMES POST
নগাঁও: সনাতন হিন্দু ধৰ্মই বিগত পাঁচ হেজাৰ বছৰৰ পৰা বিশ্বক জ্ঞান,সভ্যতা আৰু সংস্কৃতি দিছে।সনাতন হিন্দু ধৰ্মই আমাক জীৱনৰ প্ৰণালী শিকোৱাৰ লগতে মানৱতাৰ জ্ঞান প্ৰদান কৰে।
ধৰ্ম নিৰপেক্ষতা, মানৱ প্ৰেম,বিশ্ব প্ৰেম এই সকলো শিক্ষা হিন্দু ধৰ্মই দিয়ে। সনাতন হিন্দু ধৰ্ম এক শ্বাশ্বত বিজ্ঞান । এই মন্তব্য বিত্ত, শিক্ষা, স্বাস্থ্য গড়কাপ্টানি আদি বিভাগৰ মন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ। নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত পুৰণিগুদাম ভেৰভেৰি নৰসিংহ ক্ষেত্ৰত চলি থকা লক্ষাধিক জপৰ মহামৃত্যুঞ্জয় যজ্ঞৰ আজি দ্বিতীয় দিনা দুপৰীয়া অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত বাবা ভৃগুগিৰি মহাৰাজে অসমীয়া ভাষাত আনুবাদ কৰি থৈ যোৱা ‘অৰ্থব বেদ’ উন্মোচন কৰি দিয়া ভাষণত মন্ত্ৰী ড: শৰ্মাই সনাতন হিন্দু ধৰ্মৰ বিষয়ে বহলাই বাখ্যা দাঙি ধৰাৰ লগতে সনাতন হিন্দু ধৰ্মই মানুহক প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলে বুলি মন্তব্য কৰে ।

আনহাতে বেদক জ্ঞানৰ সৰ্বোত্তম প্ৰকাশ বুলি উল্লেখ কৰি মন্ত্ৰী ডঃ শৰ্মাই বেদেই জ্ঞানৰ আৰম্ভণি আৰু বেদেই জ্ঞানৰ শেষ বুলি মন্তব্য কৰি লগতে কয় বেদৰ ওপৰত আন কোনো জ্ঞান নাই ।তেওঁ আৰু কয় যে বেদ এনেকুৱা এটা বিষয় যি বিষয় পঢ়ি বুজিবলৈ মানুহে এটা নিদিষ্ট পৰ্যায়ত উপনীত হব লাগিব।
এই বেদৰ জ্ঞান অসমৰ জনসাধাৰনে কেনেদৰে লব পাৰি সেই বিষয়ে ভৃগুগিৰি মহাৰাজে প্ৰচেষ্টা গ্ৰহণ কৰিছিল।বেদৰ পৰাই মানুহে সৰ্বোত্তম জ্ঞানৰ প্ৰকাশ পাবলৈ সক্ষম হয়। আনহাতে সনাতন হিন্দু ধৰ্মক ধ্বংস কৰিবৰ কাৰণে পূৰ্বতে বিভিন্ন চেষ্টা চলিছিল যদিও সফল নহল বুলি মন্তব্য কৰি মন্ত্ৰী ডঃ শৰ্মাই কয় যে যেতিয়াই কোনো শক্তিয়ে সনাতন হিন্দু ধৰ্মক নি:শেষ কৰাৰ চেষ্টা কৰে তেতিয়াই ভাৰতবর্ষৰ বিভিন্ন স্হানত একো একোজন মহাপুৰুষৰ জন্ম হৈ সনাতন হিন্দু ধৰ্মৰ জাগ্ৰত সঞ্জীৱনী শক্তিটো উভতাই আনে।
আনহাতে জ্ঞানৰ অক্ষয় ভাণ্ডাৰ স্বৰূপ তক্ষশীলা ,নালন্দা বিশ্ববিদ্যালয় নি:শেষ কৰাৰ সময়ত ভাৰতবর্ষত এক স্বৰ্নীল ক্ষণ আৰম্ভ হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে সেই ক্ষণত ভাৰতবর্ষত ৰামানুযাচাৰ্য, মাধৱাচাৰ্য, চৈতন্য মহাপ্ৰভু,শ্ৰীমন্ত শংকৰদেৱৰ দৰে সিদ্ধ পুৰুষ সকল আৱিৰ্ভাৱ হৈ সনাতন হিন্দু ধৰ্ম ৰক্ষাৰ দায়িত্ব লৈছিল।
প্ৰসংগ ক্ৰমে তেওঁ এজন হিন্দুৱে নিজকে হিন্দু বুলি গৌৰৱ কৰিব নোৱাৰিলে জীৱন ব্যৰ্থ হয় বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে । বিশিষ্ট শিক্ষাবিদ লক্ষী নাৰায়ন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত বাবা ভৃগুগিৰি মহাৰাজৰ স্মৃতিত প্ৰকাশ কৰি উলিওৱা ‘ভৃগুস্মৃতি’ নামৰ গ্ৰন্হখন উন্মোচন কৰা হয়।
মন্দিৰ পৰিচালনা সমিতিৰ সদস্য সচিব প্ৰবীন গোস্বামীয়ে আঁত ধৰা সভাত বিধায়ক ৰূপক শৰ্মা, বিজেপি নেতা জিতু গোস্বামী, বিভূতি বৰঠাকুৰ
উপস্থিত থাকে । ইয়াৰ পূৰ্বে মন্ত্ৰী ডঃ শৰ্মাই মহা মৃত্যুঞ্জয় মন্দিৰত প্ৰণাম জনোৱাৰ লগতে মূল যজ্ঞত আহুতি প্ৰদান কৰে। উল্লেখ্য, ৯ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰী পৰ্যন্ত চলিব লগা এই যজ্ঞৰ আজি তৃতীয় দিনা দুপৰীয়া ১১’৩০ বজাত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে মন্দিৰ চৌহদত প্ৰায় তিনিঘন্টা সময় কটায়।
ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী গৰাকীৰ উপস্থিতিয়ে মন্দিৰ সমিতিক উৎসাহিত কৰাৰ লগতে মন্দিৰ নিৰ্মাণৰ বাবে সহায় সহযোগিতা আগবঢ়োৱাৰ কথা মন্দিৰ পৰিচালনা সমিতিক আশ্বাস দিয়ে।উল্লেখ যে নিৰ্মাণ কাৰ্য চলি থকা বিশ্বৰ সৰ্ববৃহৎ ১২৬ ফুট উচ্চত্তাৰ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰৰ কাম ২০২১ চনত সম্পূৰ্ণ হব ।২০২১ চনৰ মাঘী পূৰ্ণিমাৰ সৰ্বোত্তম মুহুৰ্তত এই মন্দিৰ দৰ্শনাৰ্থীৰ বাবে মুকলি হব।
পাঁচ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই যজ্ঞত দৈনিক হাজাৰ ,হাজাৰ লোকৰ সমাগম হোৱাৰ লগতে অহা ১৩ ফেব্ৰুৱাৰীত অৰ্থাৎ শেষৰ দিনা হব লগা পূৰ্ণাহুতি অনুষ্ঠানত হাজাৰ হাজাৰ ভক্তৰ সমাগম হব বুলি মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা জানিব পৰা গৈছে। ইপিনে দিল্লীৰ নিৰ্বাচনত বি জে পি দলৰ ব্যৰ্থতা সম্পৰ্কত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী গৰাকীয়ে কয় : দিল্লীত চৰকাৰ গঠন কৰাৰ কথা বিজেপিয়ে কেতিয়াও ভবা নাছিল।
দিল্লীৰ জনতাই লোকসভাত বিজেপিক বিচাৰে আৰু বিধানসভাত আপক বিচাৰে। আপ চৰকাৰে দিল্লীবাসীক বিনামূলীয়া বিজুলী আৰু পানী যোগান দিয়াৰ সুফল পাইছে।













