ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bihar Elections 2025 I বিহাৰত প্ৰথম পৰ্যায়ৰ ভোটদানত অভিলেখ, ঐতিহাসিক নিৰ্বাচন আখ্যা নিৰ্বাচন আয়োগৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 7, 2025
Reading Time: 1 min read
A A
0
Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

Increase oil prices : ট্ৰাম্পৰ মন্তব্যৰ পিছত তেলৰ মূল্য বৃদ্ধি

দুই-এটা বিক্ষিপ্ত ঘটনা বাদ দি বিহাৰত প্ৰথম পৰ্যায়ৰ ভোটদান শান্তিপূৰ্ণভাৱে অন্ত পৰে। ভোটদানৰ দিনটোৰ শেষত নিৰ্বাচন আয়োগৰ হিচাপ অনুসৰি বিহাৰত প্ৰথম পৰ্যায়ত (Bihar Election) কমেও ৬৪.৬৬ শতাংশ ভোটদান হৈছে।

Bihar Elections 2025 I
বিহাৰত প্ৰথম পৰ্যায়ৰ ভোটদানত অভিলেখ:

তাৎপৰ্যপূৰ্ণভাৱে বিৰোধীৰ মহাজোঁটবন্ধনৰ সমান্তৰালকৈ শাসকীয় এন ডি এৰ প্ৰাৰ্থীসকলেও একাংশ কেন্দ্ৰত ভীতি প্ৰদৰ্শনৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰে অন্যতম লখিমপুৰ সমষ্টিৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী বিজয় কুমাৰ সিনহা।

তেওঁৰ গাড়ীত ইটা, শিল, গৰুৰ গোবৰ আৰু জোতা নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰ জে ডিৰ কৰ্মীসকলৰ বিৰুদ্ধে। আলিনগৰৰ বিজেপি প্ৰাৰ্থী, ভোজপুৰী কণ্ঠশিল্পী মৈথিলী ঠাকুৰেও আৰ জে ডিৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ২৪৩ খন আসনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত মধ্য আৰু দক্ষিণ বিহাৰৰ ১৮ খন জিলাৰ ১২১ খন আসনত ১৩১৪ জন প্ৰাৰ্থীৰ ভাগ্য ই ভি এমত বন্দী হৈছে। নিৰ্বাচন আয়োগে দিয়া হিচাপ অনুসৰি, বিহাৰ বিধানসভা নিৰ্বাচনৰ ইতিহাসত এয়া সৰ্বাধিক ভোটদান।

১৯৯৮ চনৰ বিধানসভা নিৰ্বাচনত বিহাৰত সামগ্ৰিক ভোটদানৰ হাৰ আছিল ৬২.৫৭ শতাংশ। সেইটোৱেই আছিল এতিয়ালৈকে সৰ্বাধিক হাৰ। অৰ্থাৎ ১১ নৱেম্বৰত দ্বিতীয় পৰ্যায়ত ১২২ খন আসনত যদি এই ভোটদানৰ হাৰ অক্ষুণ্ণ ৰখা হয় তেন্তে বিহাৰে নতুন অভিলেখ গঢ়িব।

২০২০ চনৰ বিধানসভা নিৰ্বাচনত মগধভূমিত ভোটাৰৰ হাৰ আছিল ৫৭.২৯ শতাংশ। পুৱা ৭ বজাত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পিছতেই ভোটকেন্দ্ৰত ভোটাৰৰ ঢল নামিবলৈ আৰম্ভ কৰে। পুৱা ৯ বজালৈকে প্ৰায় ১৪ শতাংশ ভোটদান হয়।

অৱশ্যে দ্বাৰভাংগাৰ কুশেশ্বৰ বিধানসভা সমষ্টিৰ দৰে বানৰ পানী ভাঙি ভোট দিবলৈ যাবলগীয়া হোৱাৰ বাবে একাংশ ভোটাৰে প্ৰতিবাদো সাব্যস্ত কৰে। ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পিছতে ভোটগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণ উৎসাহেৰে ভোটদান কৰিবলৈ আহ্বান জনায়।

তেওঁ ছ’চিয়েল মিডিয়াত হিন্দী ভাষাত পোষ্ট কৰি লিখিছে, “আজি গণতন্ত্ৰৰ উৎসৱ উপলক্ষে বিহাৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই পৰ্যায়ত মই সকলো ভোটাৰক আহ্বান জনাইছো, অনুগ্ৰহ কৰি সম্পূৰ্ণ উৎসাহেৰে ভোটদান কৰক।”

একেটা পোষ্টতে প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে বিহাৰৰ ভোটাৰসকলক অভিনন্দন জ্ঞাপন কৰে। একে সময়তে ভোটাৰসকললৈ মোদীৰ বাৰ্তা আছিল, “মনত ৰাখিব, প্ৰথমে ভোট দিয়ক, তাৰ পিছত খাওক আৰু জিৰণি লওক।”

পুৱা পাটনাত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, দুই প্ৰাক্তন মুখ্যমন্ত্ৰী আৰজেডিৰ মুৰব্বী লালুপ্ৰসাদ আৰু তেওঁৰ পত্নী ৰাবৰী দেৱীয়ে ভোটদান কৰে। পত্নী ৰাজশ্ৰীৰ সৈতে ভোটদান কৰিবলৈ যোৱা লালুৰ পুত্ৰ তথা বিৰোধী দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱে কয়, “১৪ নৱেম্বৰত (বিহাৰত ভোট গণনা আৰু ফলাফল ঘোষণাৰ দিন) এখন নতুন চৰকাৰ গঠন কৰা হ’ব।”

তাৎপৰ্যপূৰ্ণভাৱে ৰাবৰী দেৱীয়ে তেওঁৰ কনিষ্ঠ পুত্ৰ তেজস্বীৰ লগতে তেওঁৰ ‘নিৰ্বাসিত’ জ্যেষ্ঠ পুত্ৰ তেজপ্ৰতাপকো শুভেচ্ছা জনাই কয়, “মোৰ দুয়ো সন্তানৰ বাবে শুভকামনা জনাইছো। তেজস্বীয়ে ৰজাৰ দৰে যুঁজি আছে। মই তেওঁলোকৰ (তেজস্বী আৰু তেজপ্ৰতাপ) মাতৃ। দুয়োৰে বাবে শুভকামনা জনাইছো।”

উল্লেখ্য যে লালুৱে নিজৰ ‘দায়িত্বহীন আচৰণ’ আৰু ‘পাৰিবাৰিক মূল্যবোধক ভেঙুচালি কৰা’ৰ বাবে বৰপুত্ৰ তেজপ্ৰতাপক দল আৰু পৰিয়ালৰ পৰা বহিষ্কাৰ কৰে। ইয়াৰ পিছত তেজপ্ৰতাপে ‘জনশক্তি জনতা দল’ গঠন কৰে। তেওঁৰ দলে ২২ খন আসনৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। তেজপ্ৰতাপে নিজৰ পুৰণি সমষ্টি মাহুৱাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তাতো আৰ জে ডিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

আনহাতে, ৰাঘোপুৰ সমষ্টিৰ পৰা আৰ জে ডিৰ টিকট লৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে লালু আৰু ৰাবৰীৰ কনিষ্ঠ পুত্ৰ তেজস্বীয়ে। বৃহস্পতিবাৰে দুয়োটা সমষ্টিতে ভোটগ্ৰহণ অনুষ্ঠিত হয়। লালুৰ কন্যা ৰোহিণী আচাৰ্যয়ো বৃহস্পতিবাৰে ৰাজহুৱাভাৱে তেজপ্ৰতাপক সমৰ্থন কৰে।

Tags: অভিলেখঐতিহাসিক নিৰ্বাচন আখ্যা নিৰ্বাচন আয়োগৰবিহাৰত প্ৰথম পৰ্যায়ৰ ভোটদানত
Share4Tweet3Send

Related Posts

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

by News Desk
July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

by News Desk
July 8, 2026
50
Increase oil prices : ট্ৰাম্পৰ মন্তব্যৰ পিছত তেলৰ মূল্য বৃদ্ধি
National-International

Increase oil prices : ট্ৰাম্পৰ মন্তব্যৰ পিছত তেলৰ মূল্য বৃদ্ধি

by News Desk
July 8, 2026
50
Bihar By-election : বিহাৰৰ বাঁকীপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা বিজেপিৰ
National-International

Bihar By-election : বিহাৰৰ বাঁকীপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা বিজেপিৰ

by News Desk
July 8, 2026
50
Continuous rain : মহাৰাষ্ট্ৰৰ পুনে জিলাত ধাৰাসাৰ বৰষুণ : খহি পৰিল তিনিমহলীয়া ঘৰ, ধ্বংসাৱশেষৰ তলত আবদ্ধ ১৫ শ্ৰমিক
National-International

Continuous rain : মহাৰাষ্ট্ৰৰ পুনে জিলাত ধাৰাসাৰ বৰষুণ : খহি পৰিল তিনিমহলীয়া ঘৰ, ধ্বংসাৱশেষৰ তলত আবদ্ধ ১৫ শ্ৰমিক

by News Desk
July 8, 2026
50
JK Terrorist attack : জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত সেনাৰ সৈতে সংঘৰ্ষত ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদী নিহত
National-International

JK Terrorist attack : জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত সেনাৰ সৈতে সংঘৰ্ষত ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদী নিহত

by News Desk
July 8, 2026
50
ADVERTISEMENT
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

July 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx