
প্ৰস্তৰ যুগত এগৰাকী কিশোৰীয়ে চুইংগামৰ টুকুৰা এটা চোবাই পেলাই দিছিল। সেই টুকুৰাটো শেহতীয়াকৈ উত্তৰ ইউৰোপৰ ইষ্ট’নিয়াৰ পুৰাতত্ত্ববিদসকলে আৱিষ্কাৰ কৰিছে। ১০,৫০০ বছৰৰ পাছত চুইংগামৰ টুকুৰাটো পৰীক্ষা কৰাৰ পিছত ইষ্ট’নিয়াৰ টাৰ্টু বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে ছোৱালীজনীৰ মুখখন ধৰিবলৈ সক্ষম হয়।

বিশ্ববিদ্যালয়খনৰ ইতিহাস আৰু পুৰাতত্ত্ব বিভাগৰ গৱেষকসকলে কয় যে ‘গাম’ আচলতে বাৰ্চ গছৰ ছালৰ টুকুৰা। ইয়াত ছোৱালীজনীৰ দাঁতৰ দাগ আছে। বিজ্ঞানীসকলে সেই টুকুৰাৰ পৰা তেওঁৰ লেলাৱটিৰ নমুনাও সংগ্ৰহ কৰিছে।
লেলাৱটিৰ নমুনাৰ ডি এন এ পৰীক্ষা কৰাৰ পিছত বিজ্ঞানীসকলে গম পায় যে গামখিনি এগৰাকী ছোৱালীয়ে চোবাইছিল। তেওঁৰ চুলিৰ ৰং আছিল বাদামী। চকু দুটাও বাদামী আছিল। ইতিহাসবিদ বেটানি হিউৱে কয় যে ইষ্ট’নিয়াৰ এই বিশ্ববিদ্যালয়ত দেশখনৰ জনসংখ্যাৰ প্ৰায় ২০ শতাংশৰ ডি এন এৰ নমুনা আছে। ইয়াৰ লগে লগে বিজ্ঞানীসকলে প্ৰাচীনকালত ইষ্ট’নিয়াৰ মানুহৰ ডি এন এৰ সৈতে জিনীয় তুলনা কৰিবলৈ সক্ষম হৈছে।
বেটানীয়ে কয়, “প্ৰাচীনকালত কোনোবাই পেলোৱা কিবা এটাই আমাক উক্ত মানুহবোৰৰ সন্মুখত থিয় কৰাব পাৰে বুলি আগতে জনা নাছিলো।” তেওঁ কয় যে হাজাৰ হাজাৰ বছৰৰ আগতে মানুহে দাঁতৰ বিষ হ’লে এই বাৰ্চ গছৰ বাকলি চোবাইছিল। বহুতে ইয়াক ‘চুইংগাম’ বুলিও চোবাইছিল। এতিয়া সেই বাকলি বহুতে আঠা হিচাপে ব্যৱহাৰ কৰে।
বেটানীয়ে কয় যে ইষ্ট’নিয়াত পোৱা বাকলি চোবাই খোৱা ব্যক্তিজন এগৰাকী কিশোৰী আছিল। তেওঁৰ চুলিৰ ৰং আৰু চকু দুটা বাদামী। এই তথ্যই এটা সাধাৰণ ধাৰণাক ভুল প্ৰমাণিত কৰিছে। বেটানিয়ে কয়, “উত্তৰ ইউৰোপৰ মানুহৰ চুলি সোণালী আৰু চকু নীলা বুলি এটা সাধাৰণ ধাৰণা আছে। নতুন আৱিষ্কাৰে সেই ধাৰণাটোক প্ৰত্যাহ্বান জনাইছে। এই বিষয়ে দেশখনত নতুন গৱেষণাও আৰম্ভ হৈছে।”
টাৰ্টু বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে ইষ্ট’নিয়াৰ অন্যান্য অঞ্চলতো পোৱা কিছুমান প্ৰাচীন বস্তুৰ ওপৰতো অধ্যয়ন কৰিছে। তেওঁলোকে উদ্ধাৰ কৰে ৮০০ বছৰ পুৰণি ধাতুৰ ক্ৰছ। ক্ৰছত প্ৰজননৰ চিত্ৰন আছে। দ্বাদশ শতিকাৰ এগৰাকী মহিলাৰ কবৰৰ পৰা উদ্ধাৰ কৰা হয় এই ক্ৰছটো। মহিলাগৰাকীৰ বয়স প্ৰায় ৫০ বছৰ। তেওঁৰ কবৰত ব্ৰঞ্জ, ৰূপৰ গহনা, খাদ্য, চৰাইৰ কণী পোৱা গৈছিল।
ইয়াৰ পৰাই বিজ্ঞানীসকলে শ শ বছৰৰ আগতে উত্তৰ ইউৰোপত মানুহক কেনেকৈ সমাধিস্থ কৰা হৈছিল সেই বিষয়ে স্পষ্ট ধাৰণা লাভ কৰিছে। বিজ্ঞানীসকলে কয় যে মূৰৰ খোলাৰ খণ্ডবোৰেও অতীতৰ ছবি অংকন কৰে। তেওঁলোকে বৰ্তমান আৰু ১০ হাজাৰ বছৰীয়া প্ৰস্তৰ যুগৰ মাজত এখন সেতু সৃষ্টি কৰে।











