ASSAM TIMES POST
নগাঁও : অবিভক্ত নগাওঁ জিলাৰ সদ্য প্ৰয়াত তিনি গৰাকী কমিউনিষ্ট নেতাক সোঁৱৰি আজি চি পি আই দলে এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। চি পি আই দলৰ নেতা ক্ৰমে নগাওঁ জিলা চি পি আইৰ প্ৰাক্তন সম্পাদক কমল বৰা,হোজাই জিলা চি পি আইৰ প্ৰতিষ্ঠাপক সম্পাদক নীলবাগানৰ মনিৰউদ্দিন চৌধুৰী,নগাওঁ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক চি পি আই নেতা মুনীন্দ্ৰ নাথ মহন্তক সোঁৱৰি আজি চি পি আইৰ নগাওঁ জিলা পৰিষদে আয়োজন কৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।
উল্লেখ্য, প্ৰয়াত কমল বৰা, মনিৰ উদ্দিন চৌধূৰী আৰু মুনীন্দ্ৰ নাথ মহন্তই ছাত্ৰ অৱস্থাৰ পৰাই মাৰ্ক্সীয় আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ছাত্ৰ সংগঠন এ আই এছ এফৰ সংস্পৃশলৈ আহি পৰৱৰ্তী পৰ্যায়ত চি পি আই দলত যোগদান কৰি কৃষক আন্দোলন,ভূমি পট্টাৰ আন্দোলন,খাদ্য আন্দোলন ,ভাষা আন্দোলন,তেল শোধানাগাৰ আন্দোলনকে ধৰি বিভিন্ন সামাজিক আন্দোলনত প্ৰত্যক্ষ ভাৱে জড়িত হৈ পৰিছিল।
সমাজৰ নিষ্পেষিত , নিপীড়িত মানুহৰ মুক্তি আৰু শোষন মুক্ত,শ্ৰেনীহীন সমাজ প্ৰতিষ্ঠাৰ বাবে প্ৰয়াত নেতা সকলে কৰা ত্যাগক সোঁৱৰি ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱি ডঃ জ্যোৰ্তিময় জানা,নগাওঁ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহেন্দ্ৰ আহোম, চি পি আইৰ ৰাজ্য পৰিষদৰ সম্পাদক মুনীন মহন্ত,বিশিষ্ট ইতিহাসবিদ ৰাজেন শইকীয়া,নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক সম্পাদক বলো বৰা,অৱসৰ প্ৰাপ্ত শিক্ষক গোলোক বৰা,কমিউনিষ্ট নেতা পদ্মেশ্বৰ বৰা, চি পি আই(এম) দলৰ নেতা অমৰেন্দ্ৰ শৰ্মা, আৰ চি পি আই নেতা বীৰেন ডেকা, বিশিষ্ট কবি পিকুমনি দত্ত,চি পি আইৰ হোজাই জিলা পৰিষদৰ সম্পাদক নুৰুল ইছলামে বক্তব্য আগবঢ়ায় ।
দ্বি-শতাধিক ৰাইজৰ উপস্থিতিত নগাওঁ চহৰৰ কমলা দেৱী টোডী ভৱনত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত নেতা সকলৰ সংগ্ৰামী ইতিহাস সোঁৱৰি আৱেগ বিহ্বল হৈ পৰে বক্তা সকল। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত তিনি নেতাৰ পৰিয়ালৰ হাতত একোখনকৈ শ্ৰদ্ধাঞ্জলি পত্ৰ হাতত অৰ্পণ কৰে ।













