ASSAM TIMES POST
নগাঁওঃ অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে নগাঁও জিলা ৷ এটাৰ পাচত আন এটা অপৰাধজনিত ঘটনাই শংকিত কৰি তুলিছে নগাঁৱৰ সচেতন মহলক ৷
নগাঁও আৰক্ষীয়ে আজি অভিযান চলাই কেইবালক্ষাধিক টকাৰ হেৰ’ইন জব্দ কৰাৰ লগতে দুই ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।
ডিমাপুৰৰ পৰা বহিঃৰাজ্যলৈ ড্ৰাগছ সৰবৰাহ কৰা এই দুই ড্ৰাগছ ব্যৱসায়ী সম্প্ৰতি আৰক্ষীৰ জালত । নগাঁৱৰ ইছলামপট্টিৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইন।
লগতে আটক কৰে ছিলঙনীৰ খুৰচিদ আলী আৰু ভকতগাঁৱৰ মজিবুৰ ৰহমানক। ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে নগাঁও আৰক্ষীয়ে ৷













