ASSAM TIMES POST
নগাঁওঃ ধিঙৰ বিধায়ক আমিনুল ইছলামে আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে অবাঞ্চিত মন্তব্য কৰাৰ প্ৰতিবাদত আজি সন্ধিয়া এ বি ভি পিৰ নগাঁও জিলা সমিতিয়ে নগাঁও চহৰত বিধায়ক গৰাকীৰ প্ৰতিকৃতি দাহ কৰে।
চহৰখনৰ নগাঁও কলেজ চ’কত এ বি ভি পিৰ সদস্যসকলে বিধায়ক গৰাকীৰ প্ৰতিকৃতি দাহ কৰি তেওঁৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদীকাৰী সকলে বিধায়ক ইছলামক গ্ৰেপ্তাৰৰ দাবী জনায়।













