
কাৰ্বি আংলং জিলাতো জিলাখনৰ মুখ্য সদৰ ডিফু নগৰ সমিতিৰ অন্তৰ্গত সমুহ এলেকাৰ পৰা কুষ্ঠৰোগ চিনাক্তকৰণৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হৈছে। এলেকাটোত 28 ডিচেম্বৰ লৈকে কুষ্ঠৰোগ চিনাক্তকৰণৰ কাম অব্যাহত ৰখা হৈছে।

একেদৰেই দ্বিতীয় পৰ্যায় 2026 ৰ 5 জানুৱাৰী পৰা 18 জানুৱাৰীত হাওৰাঘাট খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু মানজা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সমুহ এলেকা আৰু চকীহলা খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বোকাজান খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সমুহ এলেকাত 16 ফেব্ৰুৱাৰী পৰা এক মাৰ্চ লৈ তৃতীয়া পৰ্যায় কুষ্ঠৰোগৰ পৰীক্ষাৰ বাবে আছা আৰু স্বাস্থ্য কৰ্মীক দায়িত্ব অৰ্পণ কৰা হৈছে।
কুষ্ঠৰোগ ‘ মাইক্ৰ বেক্টেৰিয়াম লেপি’ নামৰ বীজাণুৰ দ্বাৰা এবিধ সংক্ৰামক ৰোগ। এই বীজাণুৱে ছাল আৰু স্নায়ুৰ হানি কৰে। জন্ম গত বা বংশ গত নহয়। যিকোনো বয়সৰ লোকে এই ৰোগ হব পাৰে। কুষ্ঠৰোগ পৰীক্ষাৰ সময়ত জিলাখনৰ সকলো ৰাইজক আছা আৰু স্বাস্থ্য কৰ্মী সকলৰ সৈতে সহযোগ কৰিবলৈ জিলা কুষ্ঠৰোগ বিভাগৰ কৰ্তৃপক্ষয়ে অনুৰোধ জনাইছে।













