![]()
গৰম কাপোৰ বিক্ৰীৰ আঁৰত চোৰাংচোৱাগিৰি (Spy) কৰাৰ অভিযোগত জম্মু-কাশ্মীৰ (Jammu and Kashmir)ৰ কুপৱাৰাৰ দুজন বাসিন্দাক আটক। পাকিস্তানী হেণ্ডলাৰলৈ সেনাৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰেৰণ কৰাৰ অভিযোগত অৰুণাচল প্ৰদেশ আৰক্ষীয়ে তেওঁলোকক আটক কৰিছে। গ্ৰেপ্তাৰ হৈছে এজাজ আহমেদ আৰু বছিৰ আহমেদ গনাই। ইয়াকে লৈ চোৰাংচোৱাগিৰিৰ অভিযোগত অৰুণাচলত গ্ৰেপ্তাৰ (Arrested in Arunachal) হোৱা লোকৰ সংখ্যা ৫জনলৈ বৃদ্ধি হয়। উল্লেখ্য যে আটক কৰা আটাইকেইজনেই জম্মু-কাশ্মীৰৰ বাসিন্দা।
আৰক্ষী মহাপৰিদৰ্শক (আই জি, আইন আৰু শৃংখলা) চুকু আপাই জনোৱা মতে, ১৮ ডিচেম্বৰত এজাজ আৰু বছিৰক কুপৱাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পিছত ট্ৰেনজিট ৰিমাণ্ডত অৰুণাচল প্ৰদেশলৈ অনা হৈছিল। আই জিগৰাকীয়ে জনোৱা মতে, প্ৰাৰম্ভিক তদন্তৰ সময়ত আৰক্ষীয়ে আটকাধীন লোককেইজনে অৰুণাচলৰ বিভিন্ন প্ৰান্তত গৰম কাপোৰ বিক্ৰী কৰিছিল বুলি জানিব পৰা গৈছে। ফলত কোনেও তেওঁলোকক সন্দেহ কৰিব পৰা নাছিল।

ইয়াৰে সুযোগ লৈ তেওঁলোকে সেনাবাহিনী আৰু অৰুণাচলৰ বিভিন্ন প্ৰান্তৰ তথ্য পাকিস্তানী হেণ্ডলাৰক চোৰাংভাৱে দিছিল। আই জিয়ে লগতে কয় যে এই তথ্য কেৱল পাকিস্তানলৈ সৰবৰাহ কৰা হৈছে নে চীনলৈও প্ৰেৰণ কৰা হৈছে সেই বিষয়েও তদন্ত চলি আছে। কাৰণ চীনে দীৰ্ঘদিন ধৰি অৰুণাচলৰ ওপৰত চকু ৰাখিছে। এনে পৰিস্থিতিত চোৰাংচোৱাগিৰিৰ অভিযোগত অৰুণাচলৰ পৰা গ্ৰেপ্তাৰ হোৱা ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।
উল্লেখ্য যে ২১ নৱেম্বৰত অৰুণাচল আৰক্ষীয়ে জম্মু-কাশ্মীৰৰ কুপৱাৰাৰ দুজন বাসিন্দাক চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। ধৃত দুজন হৈছে নাজিৰ আহমেদ মালিক আৰু ছাবিৰ আহমেদ মিৰ। পিছত ইটানগৰৰ পৰা ছাবিৰ আহমেদ খান নামৰ আন এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। নথি-পত্ৰ পৰীক্ষা নকৰাকৈ কাকো ঘৰ ভাড়াত নিদিবলৈ ইটানগৰবাসীক ৰাজ্যৰ আৰক্ষীয়ে আহ্বান জনাইছে। যদি তেওঁলোকে নিজৰ নথি-পত্ৰ পৰীক্ষা নকৰাকৈ কাৰোবাক ঘৰ ভাড়াত দিয়ে তেন্তে সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলিও জনাইছে। বিশেষকৈ ইটানগৰৰ পৰা ইজনৰ পিছত সিজন কাশ্মীৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতে আৰক্ষীয়ে সজাগতাৰ বাৰ্তা জাৰি কৰিছে।












