ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়ঃ সমগ্ৰ ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড়ৰ ওম প্ৰকাশ আগৰৱালাৰ হত্যাকাণ্ডত ব্যৱহৃত মাৰণাস্ত্ৰ জব্দই তীব্ৰ চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।ডিব্ৰুগড় আৰক্ষীয়ে যোৱা ১৯ নবেম্বৰত সংঘটিত হোৱা ঘটনাস্থলী গ্ৰেহেমবজাৰৰ এটা নলাৰ পৰাই উদ্ধাৰ কৰে পিষ্টলটো।আৰক্ষীয়ে লগতে এটা মেগজিন আৰু এটা সক্ৰিয় গুলী উদ্ধাৰ কৰে।

বিৰ্গত বৰ্ষৰ ১৯ নৱেম্বৰত ডিব্ৰুগড়ত গ্ৰেহেম বজাৰত ফুট গধুলিতে সংঘটিত চাঞ্চল্যকৰ ওম প্ৰকাশ আগৰৱালা হত্যাকাণ্ডৰ হত্যাকাৰী ইবাদ আলী ওৰফে আমিনক তিনিদিন পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত এই হত্যাকাণ্ডত ব্যৱহৃত 7.65mm পিষ্টলটো হত্যাকাণ্ড সংঘটিত হোৱা স্থানৰ কিছু নিলগৰ এটা নলাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে লগতে এটা মেগজিন আৰু এটা সক্ৰিয় গুলী জব্দ কৰে।উল্লেখ্য যে হত্যাকাৰী ইবাদ আলীক ডিব্ৰুগড় আৰক্ষীয়ে চাৰিদিনৰ জিম্মাত লৈ মাৰথান জেৰা কৰাৰ পিছতেই হত্যাকাৰী ইবাদ আলী ওৰফে আমিনে ঘটনা সংঘটিত কৰি পিষ্টলটো কাষৰ ড্ৰেইনত পেলাই যোৱাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰাৰ পাছতে আৰক্ষীয়ে নলাৰ পৰা উদ্ধাৰ কৰে পিষ্টলটো।
প্ৰায় আঢ়ৈ মাহপূৰ্বে ডিব্ৰুগড় নগৰৰ গ্ৰেহেম বজাৰত ফুটগধূলিতে ব্যৱসায়ী ওমপ্ৰকাশ আগৰৱালাক হত্যকাৰীয়ে শূণ্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰি প্ৰায় তিনি লাখ টকা ধন লোট কৰি পলায়ন কৰিছিল।এই ঘটনাই সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছিল।আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত ১৪ গৰাকী লোকক বিভিন্ন স্থানৰ পৰা আটক কৰিছিল যদিও মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।
অৱশেষত আৰক্ষীয়ে হত্যাকাণ্ডত জড়িত ইবাদ আলীক চহৰখনৰ পল্টনবজাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও সমগ্ৰ ঘটনাত জড়িত আনকেইজন পলাতক বুলি জানিব পৰা গৈছে।












