ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰৰ এখন ব্যক্তিগত বিদ্যালয়ৰ এজন কোমল বয়সৰ ছাত্ৰই শ্ৰেণীত পাঠ দান চলি থকা সময়তে আত্মহত্যা কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাত্ৰ পোন্ধৰ বয়সীয়া ছাত্রজনৰ ঘৰ নগাঁও চহৰৰ পাৰ্শ্ববৰ্তী উৰিয়াগাঁৱৰ চুটীয়াগাঁৱত ।
নগাঁও চহৰৰ আমোলাপট্টি শিৱনগৰস্থিত নৱৰূপ জাতীয় বিদ্যাপীঠৰ দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজন আজি সময়মতে স্কুললৈ আহে আৰু শ্ৰেণীত উপস্থিত হয়। কিন্তু পাঠদান কৰি থকা অৱস্থাতে আজি দুপৰীয়া ছাত্ৰজনে আত্মহত্যা কৰে।ঘটনাটোক লৈ বিদ্যালয়খনত ব্যাপক হুৱা দুৱাৰ সৃষ্টি হয়।
কিছু সময়ৰ পিছতে বহু অভিভাৱক বিদ্যালয়খনত উপস্হিত হয় আৰু ঘটনাটোক লৈ উত্তেজনা সৃষ্টি হয় । আৰক্ষীয়ে জনোৱামতে ছাত্ৰজনে বিদ্যাপীঠ খনৰ কেইবামহলীয়া বিল্ডিঙৰ চাদত উঠি চীপলৈ আত্মহত্যা কৰে।
বিদ্যালয়খনৰ নৱ নিৰ্মিত ভৱনৰ কংক্ৰীটৰ চাদৰ পৰা ওলাই থকা লোহাৰ ৰদত নাৰীকলৰ ৰচীৰে চীপ লয় ছাত্ৰজনে।এজন ছাত্ৰই বিদ্যালয়ৰ পাঠদান চলি থকা অৱস্থাতে কেনেকৈ আত্মহত্যা কৰিব পাৰিলে তাকলৈ মানুহৰ মাজত বহু প্ৰশ্নৰ উদ্ৰেক হৈছে।













